গোসাইগাঁৱৰ ভাওৰাগুৰীত বিজেপিৰ কচুগাঁও মণ্ডলৰ প্ৰশিক্ষণ আৰু পৰিচয়বৰ্গ অনুষ্ঠান অনুষ্ঠিত

WhatsApp Image 2021 12 21 at 5.54.17 PM

গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰীস্থিত কমিউনিটী হলত আজি বিজেপিৰ কচুগাঁও মণ্ডলৰ প্ৰশিক্ষণ আৰু পৰিচয়বৰ্গ অনুষ্ঠান অনুষ্ঠিত কৰে । কাৰ্যসূচী মতে ৰাতিপুৱা পতাকা উত্তোলন কৰে বিজেপিৰ কচুগাঁও মণ্ডলৰ সভাপতি সিদ্ধাৰ্থ নাৰ্জাৰীয়ে ।

পাছত বন্তি প্ৰজ্বলনৰে আজিৰ এই মণ্ডল প্ৰশিক্ষণবৰ্গ অনুষ্ঠিত কৰে । এই প্ৰশিক্ষণবৰ্গত কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি ৰাজকুমাৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক মানস প্ৰতিম ৰয়, বৰ্গধিকাৰী শান্তিৰাম বৰ্মণ, জিলা বৰ্গ প্ৰমুখ অমিতাভ সাহা, মণ্ডল সভাপতি সিদ্ধাৰ্থ নাৰ্জাৰী প্ৰমুখ্যে আন আন বিষয়বৱীয়া, কৰ্মকৰ্তাসকল উপস্থিত থাকে ।

Exit mobile version