বিলুপ্ত হ’ব ধৰা লোকসংস্কৃতি প্ৰসাৰত গুৰুত্ব

ভেলাঘৰ প্ৰতিযোগিতাৰ আয়োজন বজালী প্ৰশাসনৰ

bihu 2

লোকসংস্কৃতি, লোককলা, পৰম্পৰা আৰু জনবিশ্বাসেই অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰিছিল যদিও আধুনিক জীৱন প্ৰবাহৰ মহাপ্লাৱনত কেতবোৰ লোকসংস্কৃতি, লোককলা ক্ৰমশ জনসমাজৰ পৰা বিলুপ্তিৰ গৰাহলৈ পৰ্যবসিত হোৱা পৰিলক্ষিত হৈছে । চৰ্চাৰ অভাৱতেই যেনেদৰে ভাওনা, ওজাপালি সংকটৰ সন্মুখীন হৈছে অনুৰূপ ধৰণে অসমৰ লোককলাক সমৃদ্ধ কৰা ভেলাঘৰ, মহোহো আদিৰ দৰে এতিহ্যপূৰ্ণ সংস্কৃতিৰ উপাদানো ক্ৰমাৎ গ্ৰাম্য তথা নগৰকেন্দ্ৰীক জনজীৱনৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে ।

আঘোণৰ পথাৰৰ সোণবৰণীয়া লখিমীক ঘৰলৈ চপাই অনাৰ পাছত পূৰ্বৰ দৰে পথাৰবোৰত পুহ মাহত দেখা নাযায় ভেলাঘৰ । সকলো যেন এতিয়া আধুনিক জীৱন প্ৰবাহে দাবী কৰা বিভিন্ন উপকৰণৰ স’তে জড়িত । কাৰোৰেই যেন আহৰি নাই ভেলাঘৰ সজাৰ বাবে । আজিৰ প্ৰজন্মৰ অনেকেই নাজানে ভেলাঘৰৰ নিৰ্মাণশৈলী । এনে এক প্ৰেক্ষাপটত পোন প্ৰথমবাৰৰ বাবে বজালী জিলা প্ৰশাসনে আয়োজন কৰিছে ভেলাঘৰ প্ৰতিযোগিতা । ভেলাঘৰৰ বিষয়ে আৰু ইয়াৰ নিৰ্মাণ শৈলীৰ লগতে অসমীয়া সংস্কৃতি আৰু জনজীৱনত ইয়াৰ প্ৰভাৱৰ বিষয়ে প্ৰচাৰ কৰাৰ প্ৰয়াসেৰেই আয়োজন কৰা হৈছে এই প্ৰতিযোগিতাৰ ।

বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ এই সন্দৰ্ভত স্পষ্ট অভিমত, ‘আমাৰ সমাজ জীৱনক সমৃদ্ধ কৰা কিছুমান লোকসংস্কৃতিৰ উপাদান লাহে লাহে বিলুপ্ত হ’বলৈ ধৰিছে আৰু এইটো জাতিটোৰ বাবে শুভ লক্ষণ নহয় । লোকসংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰে জাতি এটাক অনন্য পৰিচয় প্ৰদান কৰে । সেয়ে মই এই কাম আৰম্ভ কৰিছো আৰু এই ব্যৱস্থা পৰৱৰ্তী সময়তো অব্যাহত থাকিব । আশা কৰো এনে পদক্ষেপৰ ফচলে আমাৰ সংস্কৃতি আৰু জীৱন ধাৰাক উজ্জীৱিত কৰি তুলিব । বিভিন্ন স্থানৰ পথাৰত ৰাজহুৱাভাৱে নিৰ্মিত ভেলাঘৰবোৰ প্ৰশাসনৰ মান নিৰূপণকাৰী গোটে মূল্যায়ন কৰিব । ইয়াৰ বাবে ভেলাঘৰ নিৰ্মাণ কৰা গোটবোৰে গাঁৱৰ নাম, সম্পূৰ্ণ ঠিকনা, ভেলাঘৰৰ আলোকচিত্ৰ, ফোন নম্বৰ আদি ১০ জানুৱাৰীৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব ।

উল্লেখযোগ্য যে, ভেলাঘৰ প্ৰতিযোগিতাত ভেলাঘৰ হে প্ৰতিযোগিতাৰ বাবে অন্তৰ্ভুক্ত হ’ব । অইন আৰ্হিৰ কোনো বিষয়ক ভেলাঘৰ বুলি পঠিয়ালে সেয়া গ্ৰাহ্য কৰা নহ’ব বুলি কোৱা হৈছে আৰু বিশেষত প্ৰদূষণ ৰোধত নিৰ্মাণশৈলীত গুৰুত্ব দিব লাগিব । পুৰস্কাৰৰ ব্যৱস্থা থকা এই প্ৰতিযোগিতাৰ বাবে ফটো আৰু সংলগ্ন তথ্য dcbajaliforcreativity@gmail.com ত পঠিয়াব লাগিব ।

Exit mobile version