ছবছৰত ২২,২৭০ কোটি সুত দিলে অসমে, ৮২,৭৪১.০৭ কোটি টকাৰ ঋণৰ বোজাত অসম

বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ প্ৰস্তাৱ গ্ৰহণৰ প্ৰয়োজন নাই : বিত্তমন্ত্ৰী

140704 janata bhawan

৮২,৭৪১.০৭ কোটি টকাৰ ঋণৰ বোজাত কক্‌বকাই থাকিবলগীয়া হৈছে অসমে । ইয়াৰ পৰিপ্ৰেক্ষিতত আৰ্থিক জটিলতা থাকিলেও ৰাজ্যখনে চলিত বিত্তীয় বৰ্ষত ৫,১৯৯.১৮ কোটি টকা সুত সংশ্লিষ্ট সংস্থাবোৰক পৰিশোধ কৰিবলগীয়া হৈছে । ঋণৰ বোজাৰ এই ছবিখন আজি অসম বিধানসভাত বিত্ত বিভাগে দাখিল কৰাৰ তথ্যত প্ৰকাশ পায় । বিধানসভাত একাধিক মৌখিক প্ৰশ্ন আৰু বিতৰ্কৰ সময়ত উন্মোচিত হোৱা এই তথ্যত লগতে স্পষ্ট হয় যে যোৱা ছবছৰত অৰ্থাৎ ‌ ২০১৫-১৬ৰ পৰা ২০২০-২১ লৈ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা গ্ৰহণ কৰা মুঠ ঋণৰ পৰিমাণ হ’ল ৯৩৬.৭৩ কোটি টকা । ঋণৰ পৰিমাণ বৃদ্ধিৰ সমান্তৰালকৈ পৰিশোধ কৰা সুতৰ পৰিমাণো বাঢ়ি গৈছে ।

২০১৫-১৬ত ঋণৰ বিপৰীতে সুত পৰিশোধ কৰা হৈছিল ২,৬১৮.৪৪ কোটি টকা । ২০১৬-১৭ত সেই পৰিমাণৰ শ আছিল ২,৯৬৩.৭৫ কোটি ‌টকা । তেনেদৰে ২০১৭-১৮ত ৩,২০৫.৩৩, ২০১৮-১৯ত ৩,৮৪৪.৩৬ আৰু ২০১৯-২০ত ৪,৪৩৮.৮৮ কোটি টকা পৰিশোধ কৰা হয় । এনেদৰে ছবছৰত পৰিশোধ কৰা ঋণৰ (প্ৰাক্‌ প্ৰকৃত) পৰিমাণ হ’ল ২২,২৬৯.৯৪ কোটি টকা ।

ইপিনে, অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কেন্দ্ৰীয় চৰকাৰে কৰ্তন কৰিলেও ৰাজ্যখনে দিল্লীৰ পৰা পূৰ্বতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা বুলি কালি বিধানসভাত দাবী কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে । বিধায়ক অখিল গগৈয়ে অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব নে বুলি উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত নেওগে কয়, ”তেনে প্ৰস্তাৱ লোৱাৰ প্ৰয়োজন এতিয়া আৰু নাই । একাদশ বিত্ত আয়োগৰ পৰা অসমে ২২,৬৪৪.২৬ কোটি টকা লাভ কৰিছিল । চতুৰ্দশ বিত্ত আয়োগৰ পৰা লাভ কৰা সেই ধনৰ পৰিমাণ হ’ল এক লাখ ৮১ হেজাৰ কোটিতকৈও বেছি । গতিকে অধিক ধন অসমলৈ আহিছে ।”

উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ এই বক্তব্যক কটাক্ষ কৰি গগৈয়ে কৰা এক মন্তব্যৰ পাছতে বিধানসভাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । বিধায়ক গগৈয়ে কয়, “ম‌ই ভাবো যে ইমান ধন‌ অহা বাবে অসমৰ ইমান অৰ্থনৈতিক সম্পদ উন্নয়ন আছে । কেন্দ্ৰীয় পৃষ্ঠপোষক আঁচনিবোৰৰ ধন বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ ফলতে কৰ্তন কৰা হৈছে ।’ এই মন্তব্যৰ লগে লগে বিধানসভাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । তাৰ মাজতে মন্ত্ৰী নেওগৰ মন্তব্য, ‘অখিল গগৈয়ে অপপ্ৰচাৰ চলাই আছে ।’ লগে লগে হুলস্থূলীয়া মাত্ৰা অধিক বৃদ্ধি হয় ।

নেওগে আকৌ কয় যে অসমে ব্লক গ্ৰেণ্টৰ ধনো সৈই অনুপাতে লাভ কৰি আছে । তেতিয়া অখিল গগৈয়ে প্ৰশ্ন কৰে ‘বাইদেউ, ব্লক গ্ৰেণ্ট এতিয়া আছে নে নাই ?’ এই প্ৰশ্নৰ উত্তৰ মন্ত্ৰী নেওগে দিব বিচাৰে যদিও হুলস্থূলৰ মাত্ৰা অত্যাধিক হোৱাত তেওঁ দিব নোৱাৰে । শাসক পক্ষৰ হুলস্থূল কৰা সকলৰ ভিতৰত লক্ষ্যণীয়ভাৱে অধিক উগ্ৰ ৰূপ ধাৰণ কৰে ৰূপজ্যোতি কুৰ্মীয়ে । সেই হুলস্থূলৰ মাজতে অখিল গগৈয়ে প্ৰশ্ন কৰে যে তেওঁ কথা ক’লে কিয় সুলস্থূল কৰা হয় ? ইমান সময়ে বিশেষ মাত নমতাকৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই ব্যৰ্থ হোৱা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক উদ্দেশ্যি কয় যে কিবা প্ৰশ্ন থাকিলে তেওঁ মন্ত্ৰীৰ লগত বহি আলোচনা কৰিব পাৰিব ।

আনহাতে, হুলস্থূলত লিপ্ত হোৱা শাসক-বিৰোধীৰ বিধায়কসকলক উদ্দেশ্যি কয়, ‘পথাৰত যিবোৰ শব্দত আমি কথা পাতো সেইবোৰ বিধানসভাত নচলে ।’ ইয়াৰ পাছতো কিন্তু হুলস্থূল একে থাকে । এইবোৰৰ মাজতে মন্ত্ৰী বিমল বৰাই কিবা কয় যদিও কোনেও বুজি নাপালে । অৱশ্যে মন্ত্ৰীজনে বিৰোধীক ধমক দিয়াৰ সুৰত কথা কোৱাৰ অভিযোগ বিৰোধী পক্ষৰ একাংশ বিধায়কে উত্থাপন কৰে । অধ্যক্ষ দৈমাৰীয়ে থিয় হৈ তেওঁ কি ভাষাত কথা ক’লে হুলস্থূল কৰা সকল শান্ত হ’ব প্ৰশ্ন কৰে । তাৰ পাছতে পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হয় । অধ্যক্ষৰ নিৰ্দেশত অজন্তা নেওগ পুনৰ থিয় হয় আৰু কয়, ‘আমি ৯০ : ১০ হিচাপে ব্লক গ্ৰেণ্ড পাই‌ আছো ।’ মন্ত্ৰীৰ বক্তব্যক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয়, ‘আপুনি ভুলকৈ কৈছে । ব্লক গ্ৰেণ্ট বন্ধ ।’

আকৌ ‌হুলস্থূল আৰম্ভ হয় যদিও এইবাৰ পূৰ্বতকৈ চোক কম হৈ থাকে ‌। বিধানসভাৰ প্ৰশ্নোত্তৰ কাৰ্যসূচীত এই পৰিৱেশৰ সৃষ্টি হয় যদিও ‌আন বিধায়কেও এই বিতৰ্কত ভাগ লয় । এআইইউডিএফৰ ৰফিকুল হুছেইনে কয়, ‘বিত্ত মন্ত্ৰীয়ে পূৰ্বতকৈ অসমে‌ অধিক টকা পাইছে বুলি কৈছে । আমি ভাল পাইছো । লগতে এইটোও সত্ৰ মে বাজেটৰ আকাৰ পূৰ্বতকৈ বাঢ়িছে । বিশেষ মৰ্যাদা বাহাল থাকিলে আমি হয়তো আৰু অধিক টকা পালেহেঁতেন । গতিকে অসমৰ পূৰ্বৰ স্বীকৃতি ঘূৰাই অনাৰ ক্ষেত্ৰত আপত্তি ক’ত ?’

এআইইউডিএফৰ আন এজন বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ)-এ মন্তব্য কৰে যে অসমত বৰ্তমান ‌৩২ হেজাৰ টকাৰ ধাৰ মূৰৰ ওপৰত লৈ এটা শিশুৱে জন্মগ্ৰহণ কৰে ‌। অসমৰ দৰে ৰাজ্য‌ই ২২,২৬৯.৯৪ কোটি টকা সুত দিবলগীয়া হোৱাটো সৰু কথা‌ নহয় বুলিও ইছলামে মন্তব্য কৰে । তাৰ উত্তৰত মন্ত্ৰী নেওগে দাবী কৰে যে অসমে নিয়ম অনুসৰি ঋণ গ্ৰহণ কৰিছে । তদুপৰি সক্ষমতা থকা বাবেহে অসমে ইমান পৰিমাণে ঋণ লোৱা বুলিও তেওঁ কয় ।

জড়িত থকা মানুহে বুজি‌ নাপাব : মুখ্যমন্ত্ৰী

অসমে লোৱা ঋণৰ পৰিমাণক লৈ আজি মুখ্যমন্ত্ৰী ড° বিমান।ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মুখ্যমন্ত্ৰীয়েও দাবী কৰে যে নিয়মৰ ভিতৰত থাকিহে অসমে ঋণ গ্ৰহণ কৰিছে । দিল্লীত মুখ্যমন্ত্ৰয়ে কয়, “ৰাজ্যবোৰে মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ ৩.৫ শতাংশ ঋণ গ্ৰহণ কৰিব পাৰে । বিধানসভাই এই নিয়ম বান্ধি দিছে । ১০ বছৰৰ আগত যদি ১০ হেজাৰ মুঠ ঘৰুৱা উৎপাদন আছিল আজি সেয়া বাঢ়ি গৈ থাকিব । এইবাৰ অসমৰ জিডিপি চাৰি লাখ কোটি টকা । আমাৰ যদি‌ আৰু এক লাখ কোটি জিডিপি বাঢ়ি যায় তেনেহ’লে চাৰে তিনি হেজাৰ কোটি ঋণ ল’ব পৰা যাব । আচলতে কথাবোৰ টকাত ক’লে বিভ্ৰান্তিৰ সৃষ্টি হয় । অমি নিয়মৰ বাহিৰলৈ গৈ ঋণ লোৱা নাই । তেনেদৰে কোনেও ঋণ লৈ’ব‌ই নোৱাৰে ।’ এই প্ৰসংগত অখিল গগৈক কটাক্ষ কৰি তেওঁ কয়, ‘এইবোৰৰ লগত জড়িত নথকা মানুহে কথাবোৰ বুজি‌ নাপাব ।

Exit mobile version