HIV Injectable Drug : এতিয়া আৰু নিতৌ ঔষধ খাব নালাগে, চাৰিটা ইঞ্জেকছন লৈয়েই ৰোধ কৰিব পাৰিব এইড্‌ছৰ সংক্রমণ

injection 194401403 sh ps

এইবাৰ বজাৰত আহিব এইড্‌ছৰ ইঞ্জেকছন । এইড্‌ছৰ সংক্রমণ ৰোধ কৰিবৰ বাবে এতিয়া আৰু দৈনিক ঔষধ খোৱা প্ৰয়োজন নাই । এমাহৰ ব্যৱধানত দুটা আৰু পাছত দুমাহৰ ব্যৱধানত দুটা ইঞ্জেকছন ল’লেই ৰোধ কৰিব পাৰিব এইড্‌ছ ভাইৰাছ বা এইচআইভি-ৰ সংক্রমণ । আমেৰিকাৰ ‘ফুড এণ্ড ড্রাগ এডমিনিষ্ট্ৰেছন (এফডিএ)’ৰ এইড্‌ছ ৰোধক এই নতুন ইঞ্জেকছনটোৱে অনুমোদন পাইছে সোমবাৰে ।

এইড্‌ছ ৰোধ কৰিবৰ বাবে সম্প্ৰতি দুটা ঔষধৰ ব্যৱহাৰ অধিক । ‘ট্রুভাডা’ আৰু ‘ডেছক’ভি’ । কিন্তু এই দুটা ঔষধ ৰোগী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে প্ৰতিদিনে খাবলগীয়া হয় ।

এফডিএ-ৰ অনুমোদন পোৱা নতুন ইঞ্জেকছনে সেই অসুবিধা দূৰ কৰিব । এফডিএ-য়ে জনাইছে, ইঞ্জেকছনৰ মাধ্যমত ‘আৰপেটুড’ নামে ঔষধবিধ এমাহৰ ব্যৱধানত দুবাৰ দিয়া হ’ব । তাৰ পাছত দুমাহৰ অন্তৰত ঔষধবিধ ইঞ্জেকছনৰ মাধ্যমত আৰু দুবাৰ ল’ব লাগিব । ইয়াৰ দ্বাৰাই এইড্‌ছৰ সংক্রমণ ৰোধ কৰিব পাৰিব ।

মানুহৰ ওপৰত পৰীক্ষা চলাই দেখা গৈছে, এই ইঞ্জেকছন ৯৯ শতাংশৰ ক্ষেত্রত কার্যকৰী হৈছে । বজাৰত ঊপলব্ধ এইচআইভি-ৰ দুটা ঔষধৰ সাফল্যৰ হাৰ কিছু পৰিমাণে কম । বৰ্ধিত অসুবিধা, এই ঔষধবোৰ সদায় খাবলগীয়া হয় । মূল্য‌ও অধিক ।

Exit mobile version