Omicron : ভাৰতত অ’মিক্রনত আক্রান্ত ২১৩, বৃহস্পতিবাৰে পর্যালোচনা বৈঠকত মিলিত হ’ব প্রধানমন্ত্রী মোদী

202105221442532397 Record 2066 lakh COVID tests done in a day in India Govt SECVPF

দেশত অ’মিক্রন আক্রান্তৰ সংখ্যাই দুশৰ ঘৰ অতিক্ৰম কৰিলে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুসৰি, এই পর্যন্ত ২১৩ জন অ’মিক্রনত আক্রান্ত হৈছে । সৰ্বাধিক সংক্ৰমণ হৈছে মহাৰাষ্ট্রত । তাৰ পাছতেই আছে দিল্লী । সূত্রৰ খবৰ, বৃহস্পতিবাৰে এই সন্দৰ্ভত এটা পর্যালোচনা বৈঠকত মিলিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী ।

মহাৰাষ্ট্রত অ’মিক্রন আক্রান্তৰ সংখ্যা ৬৫জন । দিল্লীত আক্রান্ত হৈছে ৫৭ জন । মঙলবাৰে কেন্দ্রীয় স্বাস্থ্যসচিব ৰাজেশ ভূষণে ৰাজ্যসমূহক পত্ৰযোগে কয়, “দেশত অ’মিক্রন আক্রান্তৰ সংখ্যা বৃদ্ধিত উদ্বেগ বাঢ়িছে । এই সংক্রমণ যাতে দ্রুতগতিত বিয়পিব নোৱাৰে তাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰক আপোনালোকে ।”

তেওঁ লগতে কয়, “ডেল্টাৰ তুলনাত তিনি গুণ সংক্রামক অ’মিক্রন । সেয়ে ইয়াৰ সংক্রমণ ৰোধ কৰিবলৈ অঞ্চল ভিত্তিক আৰু জিলা স্তৰত প্রয়োজনীয় আৰু দ্রুত পদক্ষেপ গ্ৰহণ কৰক ৰাজ্যসমূহে ।”

মহাৰাষ্ট্র আৰু দিল্লীৰ উপৰিও তেলেংগানাত অ’মিক্রনত আক্রান্ত ২৪, কর্নাটকত ১৯, ৰাজস্থানত ১৮ আৰু গুজৰাটত ১৪ । ইয়াৰ উপৰি জম্মু-কাশ্মীৰ, উৰিষ্যা, উত্তৰ প্রদেশ, অন্ধ্রপ্রদেশ, চণ্ডীগড়, লাদাখ তামিলনাডুতো অ’মিক্রন সংক্রমিত হৈছে । সামগ্রিক পৰিস্থিতি বিবেচনা কৰি আৰু ক’ভিডৰ এই নতুন ৰূপৰ গতিপ্রকৃতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহক যুদ্ধকালীন তৎপৰতাৰ স’তে প্রস্তুতি গ্ৰহণ কৰাৰ পৰামর্শ দিছে কেন্দ্র‌ই ।

অ’মিক্রন আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাত দেশত ক’ভিড আক্রান্তৰ মুঠ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে । বুধবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী, যোৱা ২৪ ঘণ্টাত ৬,৩১৭ জন লোক নতুনকৈ সংক্রমিত হৈছে । মঙলবাৰৰ তুলনাত ১৮ শতাংশ অধিক ।

Exit mobile version