Madagascar : ১২ ঘণ্টা সাঁতুৰি প্রাণ ৰক্ষা পৰিল মাদাগাস্কাৰৰ মন্ত্রীৰ

122356593 mada

হেলিকপ্টাৰ দুৰ্ঘটনাৰ পাছত ১২ ঘণ্টা সাঁতুৰিলে মাদাগাস্কাৰৰ মন্ত্রীয়ে । পাৰত উঠি বিধ্বস্ত অৱস্থাতে তেওঁ কয়, এতিয়াই তেওঁৰ মৃত্যুৰ সময় অহা নাই ।

৫৭ বছৰীয়া আৰক্ষী মন্ত্রী ছার্জ গেলে সোমবাৰে ভ্ৰমণ কৰা হেলিকপ্টাৰ মাদাগাস্কাৰৰ উত্তল-পূৱ উপকূলীয় অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় । উক্ত ঘটনাত প্ৰায় ৩৯ জনে প্রাণ হেৰুৱাই । গেলসহ আন এজনে কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় । কপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগতেই জাপ দিছিল তেওঁ । তাৰ পাছত ভাঙি পৰা হেলিকপ্টাৰৰ এটা আসনকে ধৰি তেওঁ সাঁতুৰিবলৈ আৰম্ভ কৰে । সেই আসনেই তেওঁক উপঙি থকাত সহায় কৰে । অৱশেষত ১২ ঘণ্টা পাছত, অর্থাৎ মঙলবাৰে মাহামবো চহৰৰ কাষত পাৰত উঠে ।

সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে, এটা ডেকচেয়াৰত ক্লান্ত হৈ শুই আছে গেল । তেওঁৰ সেনাৰ পোছাক পৰিধান কৰি আছিল । সূত্ৰ অনুসৰি, তেওঁ গুৰুতৰভাৱে আহত হোৱা নাই । অৱশ্যে বহু সময় পানীত থকাৰ বাবে জ্বৰ উঠিছে ।

প্রশাসন সূত্রে খবৰ, কি কাৰণত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হ’ল সেয়া প্ৰশাসনে পৰ্যবেক্ষণ কৰিছে ।

Exit mobile version