কাৰ্বি আংলঙৰ লাহৰীজানত আজি পুনৰ উচ্ছেদ অভিযান

বেদখলকাৰীৰ অভিযোগ উচ্চ ন্যায়লয়ৰ নিৰ্দেশ অৱমাননা কৰিছে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদে

গৰুখুটি আৰু লামডিং সংৰক্ষিত বনাঞ্চলৰ অবৈধ ভূমি বেদখল উচ্ছেদ কৰাৰ পাছতেই কাৰ্বি আংলং জিলাৰ অসম নগালেণ্ড সীমান্তৰ লাহৰীজানৰ দুদু কলনিত চলিল বৃহৎ উচ্ছেদ অভিযান ৷ কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ অধীনৰ এই ভূমিৰ পৰা দুটা পৰ্যায়ত বেদখল উচ্ছেদ কৰে প্ৰশাসনে ৷

যোৱা ২০ ডিচেম্বৰত শতাধিক গৃহ উচ্ছেদ কৰাৰ পাছত আজি পুৱাৰ পৰাই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে উচ্ছেদ কাৰ্য আৰম্ভ হয় ৷ কাৰ্বি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথে সংবাদ মাধ্যমক জনোৱা মতে, চাৰিটা দাগ নম্বৰৰ মাটিত ৰৈ যোৱা উচ্ছেদ কাৰ্য আজি সম্পূৰ্ণ কৰা হয় ৷ আজিও শতাধিক গৃহৰ ওপৰত পৰিল ১২খনকৈ এক্সকেভেটৰৰ হাতোৰা ৷

ইপিনে, প্ৰথম দিনা বিনা বাধাই উচ্ছেদ কাৰ্য সম্পন্ন কৰা প্ৰশাসনে আজি উচ্ছেদস্থলীত সন্মুখীন হয় প্ৰতিবাদৰ ৷ হাতে হাতে বেদখলকাৰী প্ৰতিবাদকাৰীয়ে ফেষ্টুন প্ৰদৰ্শন কৰি এয়া অন্যায়ভাৱে বেদখল কৰা হৈছে বুলি প্ৰতিবাদ কৰে ৷ বিশেষকৈ দুদু কলনিত থকা এখন মাদ্ৰাছা উচ্ছেদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত খণ্ডযুদ্ধৰ সৃষ্টি হোৱা পৰিলক্ষিত হ’ল ৷ পাছত আৰক্ষীয়ে প্ৰতিবাদৰ নেতৃত্ব লোৱা কে’বাজনো পুৰুষ আৰু মহিলাক প্ৰতিবাদস্থলীৰ পৰা আটক কৰাৰ পাছতহে পৰিস্থিতি শাম কাটে উচ্ছেদ কাৰ্য সম্পাদিত হয় ৷

উল্লেখযোগ্য যে আজি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে যে উচ্চ ন্যায়লয়ে ১১ জানুৱাৰীলৈকে উচ্ছেদকাৰ্য নচলাবলৈ নিৰ্দেশ দি উক্ত ভূমি যে চৰকাৰী ভূমি হয় তাৰ প্ৰমাণ দিবলৈ স্বায়ত্ত্বপৰিষদলৈ জাননী প্ৰেৰণ কৰিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ আনহাতে, অসম-নগালেণ্ড সীমান্তৰ এই দুদু কলনি অবৈধ বাংলাদেশীৰ বসতিস্থল বুলি ইতিমধ্যেই কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদমেলত উল্লেখ কৰাৰ উপৰিও অবৈধ ড্ৰাগছ ব্যৱসায়ৰ ঘাটি বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Exit mobile version