কবি, লেখিকা স্বপ্নালী মহন্তৰ কবিতাপুথি উন্মোচন

কবি, লেখিকা স্বপ্নালী মহন্তৰ চাৰিখনকৈ কাব্যগ্ৰন্থ আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় । গুৱাহাটীৰ নেডফি হাউচত অনুষ্ঠিত উক্ত অনুষ্ঠানত কবিগৰাকীৰ ‘শাওনেহে জানে’ হিন্দী অনুবাদ পুথি ‘এক ফুল কি খাতিৰ’ ইংৰাজী অনুবাদ পুথি ‘উইল ইউ ৱেইট ফৰ মি অল ড্ৰেচ্ছদ’ আৰু বাংলা অনুবাদ পুথি ‘নদীটিৰ নাম দিল দৰিয়া’ উন্মোচন কৰা হয় । গ্ৰন্থকেইখন উন্মোচন কৰে অসম সাহিত্যসভাৰ সভাপতি কুলধৰ শইকীয়া, কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মুক্তি দেৱ চৌধুৰী , বিশিষ্ট অনুবাদক, লেখিকা মিত্ৰা ফুকন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰিতামণি বৈশ্যই ।

গ্ৰন্থ কেইখনৰ সন্দৰ্ভত কবি স্বপ্নালী মহন্তই কয়, ‘এটা সপোন আছিল মোৰ । মোৰ কবিতাসমূহ বিভিন্ন ভাষাত প্ৰকাশ কৰাৰ । আজি সেই সপোন বাস্তৱ হ’ল । আজি মোৰ বাবে আনন্দৰ দিন, স্মৰণীয় দিন । আজিৰ অনুষ্ঠানত অসমীয়া কবিতাপুথি ‘শাওণেহে জানে’ৰ উপৰি মোৰ প্রায় ৭০ টা নতুন-পুৰণি কবিতা বঙালী, হিন্দী আৰু ইংৰাজীত অনুবাদ কৰি প্ৰকাশ কৰি মুঠ চাৰিখন গ্ৰন্থ আজি উন্মোচন কৰা হয় । কবিতাসমূহত প্ৰকৃতিৰ লগতে সমাজৰ বিভিন্ন বিষয়, বৰ্তমান পৰিস্থিতি, সমস্যা আদিয়ে স্থান পাইছে । মুঠি মুঠি ৰং, ঋতুৰ অংগৰাগ, ছাঁ পোহৰৰ কলাজ আৰু প্ৰেৰণা মুঠ চাৰিটা ভাগত ভাগ কৰা হৈছে । আশা কৰো পাঠকে আদৰি ল’ব ।’

অনুষ্ঠানত আটাইকেইগৰাকী উন্মোচকে স্বপ্নালী মহন্তৰ কবিতা সম্পৰ্কত শুভেচ্ছামূলক ভাষণ দিয়ে । উল্লেখ্য, অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাৰ গ্ৰন্থকেইখন প্ৰকাশ কৰিছে ভৱানী প্ৰকাশনে । আনহাতে, বাংলা ভাষাৰ পুথিখন প্ৰকাশ কৰিছে ভিকি পাব্লিছাৰ্চে ।

Exit mobile version