ৰেলপথ পালেই ৰেলৰ ৰূপ ধৰিব বাছে

জাপানত মুকলি হ'ল বিশ্বৰ প্ৰথম দুটা পথত চলা বাহন

2021 12 24t152622z 1 lynxmpehbn0d7 rtroptp 3 japan railbus

ৰাস্তাত ঠিক বাছৰ দৰেই চলিব, কিন্তু ৰেলপথ পোৱাৰ লগে লগে ৰূপান্তৰিত হ’ব ৰেললৈ । অৰ্থাৎ এখন বাহনেই দুটা ৰূপ ধৰি চলি যাব গন্তব্যস্থললৈ । সম্প্ৰতি এই ধৰণৰ এখন যান নিৰ্মাণ হৈছে জাপানত । কালি জনসাধাৰণৰ সন্মুখত মুকলি কৰা এই যানখনৰ নাম ‘ডুয়েল মোড ভেহিকল’ (ডিএমভি) । জাপানৰ কাইয়’ চহৰত প্ৰথমবাৰলৈ এই ধৰণৰ বাহন চলিব ।

এই ডিএমভি বাহন দেখিবলৈ প্ৰায় মিনিবাছৰ দৰে । যেতিয়া বাহনখন ৰাস্তাত চলিব, তেতিয়া সাধাৰণ গাড়ীৰ চকা ব্যৱহাৰ কৰি আগবাঢ়ি যাব । আনহাতে, ৰেলপথত চলাৰ বাবে ব্যৱহৃত হ’ব ষ্টীলৰ চকা । আছা ক’ষ্ট ৰেল কোম্পানীয়ে এই যানখন নিৰ্মাণ কৰিছে । ডিএমভিৰ সন্দৰ্ভত কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াজনে কয় যে কায়’ৰ দৰে সৰু চহৰ য’ত জনসংখ্যা কম, তাত এই বাহনখন যথেষ্ট কামত আহিব ।

সৰু চহৰত পৰিবহণ সংস্থাসমূহে লাভৰ মুখ সেইদৰে নেদেখে । এই‌ যানখনে পৰিস্থিতি সলনি কৰি দিব পাৰে । মুখ্য কাৰ্যবাহী বিষয়াজনে লগতে কয়, ‘এই বাহনে ঘৰলৈ গৈ বাছৰ দৰে মানুহ তুলি আনিব পাৰিব । তাৰ পাছত ৰেলপথত উঠি গন্তব্যস্থানলৈ লৈ যাব ।

নিৰ্মাণকাৰী কোম্পানীটোৱে জনোৱা মতে, ডিএমভিত সৰ্বাধিক ২১ জন যাত্ৰী বহিব পাৰে । ৰেলপথত সৰ্বাধিক ৬০ কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত চলিব পাৰিব । অৱশ্যে ৰাস্তাত ইয়াৰ গতি বেছি হ’ব । ৰাস্তাত প্ৰতি ঘণ্টাত এশ কিলোমিটাৰ গতিবেগত যাব পাৰিব বুলি জনাইছে কোম্পানীটোৰ কৰ্ণধাৰজনে ।

Exit mobile version