চিৰিয়াখানাত জিৰাফৰ অস্বাভাবিক মৃত্যুৰ উচ্চ তদন্তৰ দাবী

জিৰাফটো ইচ্ছাকৃত ভাৱে হত্যা কৰাৰ সন্দেহ

যােৱা ২৩ ডিচেম্বৰৰ নিশা অসম ৰাজ্যিক চিৰিয়াখানাত মৃত্যু হােৱা জিৰাফৰ উচ্চ পর্যায়ৰ তদন্তৰ দাবীত আজি চিৰিয়াখানাৰ সন্মুখত “চিৰিয়াখানা সুৰক্ষা মঞ্চ” ৰ নেতা-কর্মী সকলে হাতে হাতে প্লে-কার্ড লৈ প্রতিবাদী কাৰ্যসূচী পালন কৰে।

চিৰিয়াখানা কর্তৃপক্ষ চৰম অবহেলাৰ পৰিণতিৰ ফলতে জিৰাফটোৰ মৃত্যু ঘটিছে বুলি আজি মঞ্চই দাবী কৰে।মঞ্চৰ নেতৃবর্গই দাবী কৰি কয় যে, প্রকৃততে জন্তুৰ প্রদর্শণীৰ নামত বনবিভাগৰ শীর্ষবিষয়াৰ এটা অনা অসমীয়া লবীয়ে অসম ৰাজ্যিক চিৰিয়াখানাক বন্যপ্রাণীৰ চোৰাং বজাৰ হিচাপে ব্যৱহাৰ কৰি আছে। এই লবীটোৱে কিছুমান জন্তক ইচ্ছাকৃত ভাৱে হত্যা কৰি জন্তুটোৰ বিভিন্ন অংগ আন্তৰাষ্ট্ৰীয় চোৰাং বজাৰলৈ সৰবৰাহ কৰে।

অসম তথা উত্তৰ-পূৱৰ বিভিন্ন অৰণ্যৰ আপুৰুগীয়া বন্যপ্রাণী সমূহ চিৰিয়াখানালৈ অনা হয় আৰু সেই
নিশাৰ আন্ধাৰত সেইবােৰ বাহিৰলৈ সৰবৰাহ কৰা হয়। তাৰ পাছত বিভিন্ন ৰােগত মৃত্যু হােৱা বুলি সাধাৰণ ভাৱে এটা ৰিপৰ্ট লিখি থৈ দিয়ে।

জিৰফৰ গড়ালত থকা চি চি টিভি ফুটেজ ৰাজহুৱা কৰিলে সকলাে ৰহস্য ওলাই পৰিব । বিগত তিনি বছৰত চিৰিয়াখানাত ১২০০ শতাধিক বন্যপ্রাণীৰ মৃত্যু হােৱা দেখুৱাই সেইবােৰ গােপনে আন্তৰাষ্ট্ৰীয় চোৰাং বজাৰলৈ সৰবৰাহ কৰিছে।

ভাৰতবৰ্ষৰ ভিতৰতে মহানগৰৰ মাজমজিয়াত অৱস্থিত প্রাকৃতিক পৰিৱেশৰ এই চিৰিয়াখানাৰ অধীনত থকা ১৭৫ হেক্টৰৰ বিশাল ভূ-খণ্ড বৰ্তমান বন্যপ্ৰাণীৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহৰ কৰিডৰত পৰিণত হােৱা কাৰ্য কেতিয়াও চলি থাকিবলৈ দিয়া নহ’ব।।প্রয়ােজনত মঞ্চই ৰাইজৰ হাতত চিৰিয়াখানা তুলি দিবলৈ দাবী জনায়।।

Exit mobile version