Covid in France : ব্ৰিটেইনৰ পাছত ফ্ৰান্স, এদিনত এক লাখ সংক্ৰমণ

shutterstock 1931103311

২৩ ডিচেম্বৰত দৈনিক সংক্ৰমণ আছিল ৯১হেজাৰ ৬০৮। ২৬ ডিচেম্বৰত এক লাখ অতিক্ৰম কৰি দৈনিক সংক্ৰমণৰ অভিলেখ গঢ়িলে ফ্ৰান্সে।যিটো যোৱা দুবছৰত সৰ্বাধিক।

ইউৰোপৰ কৰ’নাত আটাইতকৈ প্ৰভাৱিত হৈছে ব্ৰিটেইন । তাৰ পাছত, ফ্ৰান্স। সংক্ৰমণৰ গতি দেখি চৰকাৰে কেইদিনমান আগতে ঘোষণা কৰিছিল যে দৈনিক সংক্ৰমণে শীঘ্ৰেই এক লাখ অতিক্ৰম কৰিব । সেই আশংকাক সত্য প্ৰমাণিত কৰি ফ্ৰান্সে মাত্ৰ দুদিনৰ ভিতৰতে দৈনিক সংক্ৰমণৰ অভিলেখ গঢ়িছিল।

ফ্ৰান্সৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে, দেশখনত বিগত ২৪ ঘণ্টাত এক লাখ চাৰি হেজাৰ ৬১১ জনলোক ক’ভিডত আক্ৰান্ত হৈছে। ইয়াক লৈ ফ্ৰান্সে একেৰাহে তিনিদিনৰ দৈনিক সংক্ৰমণ ৰেকৰ্ড কৰিলে।

ফ্ৰান্স, ব্ৰিটেইনকে ধৰি ইউৰোপীয় দেশবোৰত অ’মিক্ৰনৰ প্ৰভাৱৰ ফলত সংক্ৰমণৰ স্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ক’ভিডৰ এই নতুন ৰূপৰ প্ৰভাৱে পৰিস্থিতি কোন দিশে লৈ যায় তাক লৈ এতিয়া চিন্তিত ফৰাচী প্ৰশাসন ।

ইতিমধ্যে তাত জাৰি কৰা হৈছে প্ৰাপ্তবয়স্ক বুষ্টাৰ টিকা ক্লিয়াৰেন্স পত্ৰ । চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা কৰা হৈছে ভেকছিন পাছবোৰ ।এই পাছ তেওঁলোকক দিয়া হৈছে যিসকলক টিকাকৰণ দুটা পালি গ্ৰহণ কৰিছে । ৰেষ্টুৰেণ্ট, কেফে বা বিদেশ ভ্ৰমণৰ বাবে এই পাছটো বাধ্যতামূলক কৰা হৈছে। যদি দুটা ভেকছিন লোৱা নহয় তেন্তে বহু ঠাইত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ, ফ্ৰান্সৰ চহৰবোৰে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ নিজা সুৰক্ষামূলক ব্যৱস্থা লোৱা আৰম্ভ কৰিছে। উদাহৰণ স্বৰূপে, মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। আন চহৰসমূহেও তেওঁলোকৰ নিজা ধৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে।

Exit mobile version