অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই ঘোষণা কৰা অনুসৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আজি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ক্ৰমে ওদালগুৰি আৰু ভেৰগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ।
আজি দিনৰ ১২ বজাৰ পৰা ওদালগুৰি জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ৰূপায়ণ কৰা এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত হাতে-হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদী শিক্ষকসকলে “নতুন পেঞ্চন নীতি বাতিল কৰক, পুৰণি পেঞ্চন নীতি বাহাল ৰাখক, ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰক, নতুন শিক্ষানীতিত শিক্ষকৰ স্বাৰ্থ হানিকৰ নীতি প্ৰত্যাহাৰ কৰক, স্থায়ী প্ৰধান শিক্ষকৰ পদ পূৰণ কৰক, স্নাতক শিক্ষকৰ গ্ৰেড পে ৮৭০০ লৈ বৃদ্ধি কৰক, ঠিকাভিত্তিক শিক্ষকৰ প্ৰাপ্য মৰগীয়া বানচৰ ধন মোকলাই দিয়ক, আৰ্জিত ছুটি বৰ্ষিক ৩০ দিনলৈ বৃদ্ধি কৰক, শিক্ষক ঐক্য জিন্দাবাদ” ইত্যাদি শ্লোগান প্ৰদান কৰে ।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ওদালগুৰি মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক নাৰায়ণ চেত্ৰীয়ে কয়, “অসমত আন্দোলন নকৰাকৈ একো প্ৰাপ্য লাভ কৰিব নোৱাৰি । শিক্ষকসকলে ভুগি থকা সমস্যাসমূহ দেখি শুনিও আজিলৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । বিভিন্ন সময়ত চৰকাৰখনে শিক্ষকসকলক সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ন নকৰে । আমাৰ প্ৰাপ্য দাবী পূৰণ নহ’লে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিম ।” আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক শিক্ষকে অংশগ্ৰহণ কৰে।