- পাণ্ডুত নিৰ্মাণ হ’বলগীয়া অত্যাধুনিক জাহাজ মেৰামতি কাৰখানাৰ কামৰ অগ্ৰগতি সন্দৰ্ভত অনুষ্ঠিত বিশেষ বৈঠক সমাপ্ত ।
- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাণ্ডুৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকাৰীৰ বিষয়াৰে মিলিত হয় বৈঠকত ।
- এই বৈঠকত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে আইআইটি মাদ্ৰাছ আৰু কোচিন শ্বিপ য়াৰ্ড লিমিটেডৰ বিষয়াই ।
- জাহাজ মেৰামতি কাৰখানাৰ কাম বহু আগবাঢ়িছে ।
- অহা বছৰ অৰ্থাৎ ২০২২ চনৰ মে’ত আধাৰশিলা স্থাপন কৰা হ’ব ।
- কাৰিকৰী দিশ আৰু ডিপিআৰ প্ৰস্তুতৰ দায়িত্ব আইআইটি মাদ্ৰাছক দিয়া হৈছে ।
- দুবছৰৰ ভিতৰত কাম সম্পূৰ্ণ হ’ব ।
- পূৰ্বে জাহাজ মেৰামতি কৰিবলৈ কলকাতালৈ যাব লাগে । তাত প্ৰয়োজন হৈছিল ছমাহ সময় ।
- কিন্তু পাণ্ডুত এই জাহাজ মেৰামতি কাৰখানা হ’লে যথেষ্ট ভাল হ’ব ।
- ব্ৰহ্মপুত্ৰসহ অসমৰ আন আন জলপথত চলিব কে’বাখনো নতুন জাহাজ।
- খৰালিত পানী শুকাই বাবে কিছু অসুবিধা হয় । পানীৰ গভীৰতাটো কমি যায় । সেয়ে নদী খনন কৰা হ’ব ।
- অসমসহ দেশৰ সকলো জলপথত জাহাজ চলাচলৰ পৰিকল্পনা কেন্দ্ৰৰ ।
- বৰাক-ব্ৰহ্মপুত্ৰত চলিব মালবাহী জাহাজ ।
- ব্ৰিটিছৰ সময়ৰ দৰে জাহাজৰে বাণিজ্যি কৰাৰ পৰিকল্পনা ।
- ব্ৰহ্মপুত্ৰৰ পৰা বাংলাদেশ হৈ বংগোপ সাগৰলৈ চলিব জাহাজ ।
- অসমত উৎপাদিত সামগ্ৰী আমদানি-ৰপ্তানি কৰিব পৰা যাব ।
- দেশৰ জলপথ সুচল কৰাৰ লক্ষ্য আছে কেন্দ্ৰৰ ।