মানিক দুৱৰা সোঁ‌ৱৰণী প্ৰাইজমানী নক আউট ক্ৰিকেট প্ৰতিযোগিতা সামৰণি

583dce76 a095 4d86 bc69 783f074e301f

ফিল’বাৰী ছিনয়ৰ ছেকেণ্ডাৰী খেলপৰাত যোৱা ১২ ডিচেম্বৰ পৰা অনুষ্ঠিত হোৱা মানিক দুৱৰা সোঁ‌ৱৰণী প্ৰাইজমানী নক আউট ক্ৰিকেট প্ৰতিযোগিতাৰ আজি সামৰণি পৰে।

আজি চুড়ান্ত খেলত অংশগ্ৰহন কৰে ফিল’বাৰী ললাত ক্ৰিকেট ক্লাৱ বনাম ধলা চিমফনিয়া ক্ৰিকেট ক্লাৱে।ধলা চিমফনিয়া ক্ৰিকেট ক্লাৱে টচত জয়ী হৈ ললাত ক্ৰিকেট ক্লাৱ বেটিং কৰিবলৈ আমন্ত্ৰণ জনাই।

ললাত ক্ৰিকেট ক্লাৱে নিৰ্ধাৰিত অভাৰত পাঁচ উইকেটত ৫০ ৰাণ সংগ্ৰহ কৰে।ললাত ক্ৰিকেট ক্লাৱৰ হৈ  ৰঞ্জুৱে সৰ্বাধিক ২৪ ৰাণ কৰে আৰু ধলা চিমফনিয়া ক্ৰিকেট দলৰ হৈ সিদাৰ্থই দুটা, উইকেট দখল কৰে।

৫১ ৰাণৰ লক্ষ্য লৈ বেট ধৰিবলৈ অহা ধলা চিমফনিয়া ক্ৰিকেট ক্লাৱে নিৰ্ধাৰিত অভাৰৰ ন উইকেটত ৩২ ৰাণত খেল সামৰে,ফলত ললাত ক্ৰিকেট ক্লাৱে ১৮ ৰাণত জয়ী হয়।

ললাত ক্ৰিকেট ক্লাৱৰ হৈ ৰাজুয়ে দুটা,ৰেকিবে তিনিটা,তুসাৰে তিনিটা উইকেট দখল কৰে।খেলৰ শেষত বঁ‌টা বিতৰণি সভা অনুষ্ঠিত হয়।বঁ‌টা বিতৰণি সভাত সভাপতি কৰে খেল পৰিচালনা সমিতিৰ সভাপতি মুকুল মেধিয়ে আৰু আত ধৰে যুৱ ব্যৱসায়ী লিখন্ত শইকীয়াই।

বঁ‌টা বিতৰণি সভাত উপস্থিত থাকে সমাজসেৱক ৰাজেণ শইকীয়া,আৰক্ষী বিষয়া খগেন বৰা,ফিল’বাৰী তেল ডিপুৰ স্বত্বাধিকাৰী সৌৰৱজ্যোতি গোস্বামী,স্বৰ্গীয় মানিক দুৱৰাৰ সহ ধৰ্মিনী স্বপ্না দুৱৰা ,প্ৰাক্তণ শিক্ষক লক্ষীকান্ত শইকীয়া,গবৰেল টপ্প,সমৰজ্যোতি শইকীয়,সাংবাদিক ঘনশ্যাম ছেত্ৰী সহ আন কেবাগৰাকী বিশিষ্ট ব্যক্তি।

মানিক দুৱৰা সোঁ‌ৱৰণী প্ৰাইজমানী নক আউট ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল খেলৰ মেন অফ দি মেছ লাভ কৰে ললাত ক্ৰিকেট ক্লাৱৰ ৰাজু হক,বেষ্ট বেটছমেন মাধৱপুৰ ক্ৰিকেট ক্লাৱৰ প্ৰভাত,বেষ্ট বলাৰ ধলা চিমফনিয়া ক্ৰিকেট ক্লাৱৰ বিশাল আৰু শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ ধলা চিমফনিয়া ক্ৰিকেট ক্লাৱৰ খিৰোদে লাভ কৰে।

প্ৰতিযোগিতাৰ বিজয়ী দলক ট্ৰফীসহ নগদ ২৫ হেজাৰ টকা আৰু বিজেতা দলক ট্ৰফীসহ নগদ ১০ হেজাৰ টকা প্ৰদান কৰে।মানিক দুৱৰা সোঁ‌ৱৰণী প্ৰাইজমানী নক আউট ক্ৰিকেট প্ৰতিযোগিতাত তিনিচুকীয়া জিলাৰ মুঠ ২৪ টা দলে অংশ গ্ৰহণ কৰিছিল।

Exit mobile version