Children Vaccination : তিনি জানুৱাৰীৰ পৰা আৰম্ভ শিশুসকলৰ টিকাকৰণ, কি কি প্ৰয়োজন হ’ব ?

88454900

বিদ্যালয়ৰ পৰিচয় পত্ৰ থাকিলে অহা শনিবাৰৰ পৰা ক’ভিড টিকাৰ বাবে নাম ভৰ্তি কৰিব পাৰিব শিশুসকলে । সোমবাৰে ৰাতিপুৱা এই খবৰ জনালে কেন্দ্ৰই ।

অহা সোমবাৰে অৰ্থাৎ তিনি জানুৱাৰীৰ পৰা ১৫ ৰ পৰা ১৮ বছৰীয়া শিশুসকলক কৰ’নাৰ টিকা ল’ব পাৰিব বুলি ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সোমবাৰে কেন্দ্ৰিই জনালে এক জানুৱাৰীৰ পৰা শিশুসকলে টিকাকৰণৰ বাবে নাম ভৰ্তি কৰিবলৈ সক্ষম হ’ব।

ক’উইন এপৰ জৰিয়তে কৰিব পাৰিব নাম নথিভুক্ত । কিন্তু তাৰ বাবে, আধাৰ কাৰ্ড নাথাকিলেও চলিব । বিদ্যালয়ৰ পৰিচয় পত্ৰৰ দিওঁ কৰ’না টিকা লোৱাৰ বাবে নিজৰ নাম নথিভুক্ত কৰিব পাৰিব ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীয়ে ।

কিশোৰ-কিশোৰীসকলৰ আধাৰ কাৰ্ড নাথাকিলে তেওঁলোকে কি দৰে টিকা ল’ব পাৰিব তাক লৈ প্ৰশ্ন উদয় হৈছিল অভিভাৱকসকলৰ মনত । তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি জনাইছে ক’উইন প্ৰধান চিকিৎসক আৰ এছ শৰ্মাই ।

সোমবাৰে ক’উইন প্ৰধানে জনায়, এপটোৰ ভিতৰত শিশুসকলক নামভৰ্তি কৰিবলৈ এটা পৃথক স্লট তৈয়াৰ কৰা হৈছে। আধাৰ কাৰ্ড নাথাকলেও এই স্লটত প্ৰৱেশ কৰি শিক্ষাৰ্থীসকলে বিদ্যালয়ৰ পৰিচয় পত্ৰৰ সহায়ত নাম ভৰ্তি কৰিব পাৰিব।

ভাৰতৰ কম বয়সসকলৰ বাবে মূলত দুই প্ৰকাৰৰ টিকা ঘোষণা কৰা হৈছে। কিশোৰ কিশোৰীসকলে হয়তো দুটা টিকা সম্পন্ন ক’ভাক্সিনক নাইবা জাইডাছ কেডিলাৰ দ্বাৰা প্ৰস্তুত কৰা তিনিটা টিকা সম্পন্ন জাইকোড -ডি ল’ব লাগিব।

পাছত, অৱশ্যে, তৃতীয় ভেকছিনো অহাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় ঔষধ নিয়ন্ত্ৰক সংস্থাই শেহতীয়াকৈ চেৰাম ইনষ্টিটিউটৰ দ্বাৰা সৃষ্টি কৰা নোভাক্সটো পৰীক্ষামূলক ভাৱে পৰ্যবেক্ষণ কৰাৰ অনুমোদন দিছে । অৱশ্যে, ভেকছিনটো সাতৰ পৰা ১১ বছৰীয়া শিশুক দিয়া হ’ব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে, ভাৰতীয় টিকাকৰণ টাস্ক ফ’ৰ্চৰ মুখ্য চিকিৎসক এন কে অৰোৰাই কয় যে কিশোৰ কিশোৰীসকলৰ ওপৰত ক’ভাক্সিন পৰীক্ষাৰ ভাল ফলাফল পোৱা গৈছে। ভাৰত বায়োটেকে আগতে জনাইছিল যে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ লোকসকলৰ বাবে ক’ভাক্সিনৰ সূত্ৰ সলনি কৰা হোৱা নাই।

Exit mobile version