Taliban : নির্বাচন কমিছন আৰু আইনসভা বিষয়ক মন্ত্রণালয়সমূহ বন্ধ কৰি প্রশ্নৰ সন্মুখীন তালিবান

AP21286432390234

আফগানিস্তানৰ দুটা নির্বাচন কমিছনৰ লগতে, শান্তি আৰু আইনসভা বিষয়ক ৰাষ্ট্রীয় মন্ত্রণালয় বন্ধ কৰিলে শাসক তালিবানে । দেওবাৰে তালিবানৰ এজন কর্মকৰ্তাই বিষয়টো নিশ্চিত কৰি জনাইছে ।

আফগানিস্তানৰ তালিবানৰ সহকাৰী মুখপাত্র বিলাল কৰিমিয়ে জনায়, দেশৰ স্বশাসিত নির্বাচন কমিছন আৰু নির্বাচনী অভিযোগ কমিছন বন্ধ কৰি দিয়া হৈছে । আফগানিস্তানৰ বর্তমান পৰিস্থিতিত এই প্রতিষ্ঠানসমূহ অপ্রয়োজনীয় । ভৱিষ্যতে প্রয়োজন হ’লে তালিবানে পুনৰ নির্বাচন কমিছন আৰম্ভ কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে । উভয় নির্বাচন কমিছনেই ৰাষ্ট্রপতি, আইনসভা আৰু প্রাদেশিক পৰিষদৰ নির্বাচনসহ দেশৰ সকলো ধৰণৰ নির্বাচন পৰিচালনা আৰু চোৱা-চিতাৰ দায়িত্বত আছিল ।

কৰিমিয়ে আৰু জনায় যে, তালিবানে শান্তি আৰু আইনসভা বিষয়ক মন্ত্রণালয় ভংগ কৰিছে । বর্তমান পৰিকাঠামোত এই মন্ত্রণালয়সমূহ অপ্রয়োজনীয় বুলি তেওঁ দাবী কৰিছে ।

আফগানিস্তানৰ নতুন শাসকসকলক আনুষ্ঠানিক স্বীকৃতি দিয়াৰ আগতে তেওঁলোকে গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ ক্ষেত্ৰত বিশেষ দৃষ্টি ৰাখিছে আন্তর্জাতিক সম্প্রদায়সমূহে । সুস্থ শাসনৰ আশ্বাস দিয়াৰ পাছতো তালিবানে কঠোৰ শাসন জাপি দিব পাৰে বুলিও শংকা প্রকাশ কৰিছে আন্তর্জাতিক সম্প্রদায়সমূহে ।

Exit mobile version