Tax Fraud : ২৮৪ কোটি নগদ ধন উদ্ধাৰ, ডুবাইত দুটা গৃহ, ৫০ ঘণ্টা জেৰাৰ পাছত গ্রেপ্তাৰ সেই ব্যৱসায়ী

মুঠ ২৮৪ কোটি নগদ ধন উদ্ধাৰ । ডুবাইত দুটা বিলাসবহুল গৃহ । ইয়াৰ উপৰি মুম্বাই, কানপুৰ দিল্লীসহ দেশৰ নানান ঠাইত সম্পত্তি আছে তেওঁৰ । ১২০ ঘণ্টা ধৰি তালাচী চলোৱাৰ পাছত কৰ ফাঁকি দিয়াৰ অভিযোগত সোমবাৰে গ্রেপ্তাৰ কৰা হ’ল কানপুৰৰ সেই ব্যৱসায়ী পীযূষ জৈনক । সোমবাৰে তেওঁক আদালতত নিয়া হয় । কেন্দ্রীয় আয়কৰ বিভাগে জনাইছে, কোনো এজন লোকৰ পৰা ইতিহাসত প্ৰথমবাৰ সৰ্বাধিক নগদ ধন উদ্ধাৰ কৰিলে আয়কৰ বিভাগে ।

তেনে সময়তে পীযূষক লৈ ৰাজনৈতিক চাপ আৰম্ভ হৈছে । উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ অভিযোগ, পীযূষ সমাজবাদী পার্টীৰ ঘনিষ্ঠ । সমাজবাদী পার্টীৰ তৰফৰ পৰা অৱশ্যে ওলোটাই অভিযোগ কৰা হৈছে, মুখ্যমন্ত্রী যোগীৰ শাসনকালত সকলো ধৰণৰ দুর্নীতি বৃদ্ধি পাইছে ।

আয়কৰ বিভাগ সূত্রে খবৰ, নগদ ২৮৪ কোটি টকাৰ উপৰিও দেশ-বিদেশত বহু সম্পত্তিৰ সন্ধান পোৱা গৈছে । ইয়াৰ ভিতৰত কানপুৰ আৰু কনৌজ মিলাই পীযূষৰ সাতটা সম্পত্তি আছে । মুম্বাইত দুটা ঘৰ, দিল্লীত এটা আৰু ডুবাইত দুটা সম্পত্তি আছে । তদুপৰি, তেওঁৰ পৰা কে’বা কিলোগ্ৰাম সোণো উদ্ধাৰ হৈছে ।

সংবাদসংস্থাই জনাইছে, মুঠ ১২০ ঘণ্টা ধৰি তালাচী অভিযান চলোৱা হৈছে । পাছত পীযূষক ৫০ ঘণ্টা ধৰি জেৰা কৰা হৈছে । তাৰ পাছত তেওঁক গ্রেপ্তাৰ কৰা হয় । অৱশ্যে তালাচী অভিযান এই পর্যন্ত অব্যাহত আছে । বিগত সপ্তাহত পীযূষৰ ঘৰত তালাচী চলোৱা হৈছিল । প্রথম দিনা ১৫০ কোটিৰ নোট উদ্ধাৰ কৰে আয়কৰ বিভাগে । কানপুৰৰ আয়কৰ বিভাগে যি ছবি প্রকাশ কৰিছে, তাত দেখা গৈছে, বিষয়াসকলে মাটিত নোটৰ স্তূপত বহি মেচিনৰ সহায়ত টকা গণনা কৰি আছে । তিনিটা টকা গণনা কৰা মেচিন আনি প্রায় দুদিন ধৰি টকা গনা হয় । লগতে বিভিন্ন চহৰত তেওঁৰ সংস্থাতো তালাচী চলোৱা হয় ।

কনৌজত তেওঁৰ পৈতৃক গৃহত ১৮টা আলমাৰীৰ সন্ধান পাইছে তদন্তকাৰীসকলে । লগতে ৫০০টা চাবিৰ কোছাও পাইছে তেওঁলোকে । এই চাবিবোৰেৰে আলমাৰী খুলি তালাচীৰ চেষ্টা কৰিছে তদন্তকাৰীসকলে । তদন্তত পোৱা গৈছে যে তেওঁৰ ইমান সম্পত্তি থকা সত্ত্বেও পীযূষে অত্যন্ত সাধাৰণ এটা পুৰণা গাড়ী ব্যৱহাৰ কৰিছিল । তদন্তকাৰীসকলৰ অনুমান, তেওঁৰ ওপৰত যাতে কাৰো সন্দেহ নহয়, সেই বাবেই তেওঁ এনে কৰিছিল । সুগন্ধি দ্রব্যৰ ব্যৱসায়ৰ উপৰিও তেওঁ পেট্র’ল পাম্প, পানমচলাসহ একাধিক ব্যয়সায় কৰিছিল ।

Exit mobile version