অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ ৰাষ্ট্ৰীয় অধিৱেশনত অসমৰ ৰাকেশ দাসক ৰাষ্ট্ৰীয় সম্পাদক নিযুক্তি

f66d405b 7fae 47df 9ccd 333e4c501e27

মধ্যপ্রদেশৰ জব্বলপুৰ চহৰত অনুষ্ঠিত হােৱা বিদ্যার্থী পৰিষদৰ ৰাষ্ট্ৰীয় অধিৱেশন যােৱা ২৪,২৫, ২৬ ডিচেম্বৰ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে সুকলমে অনুষ্ঠিত হৈ যায়।

সমগ্র ভাৰবৰ্ষৰ প্রায় সাত শতাধিক কাৰ্য্যকর্তাই এই অধিৱেশনত আগভাগ লয়। ভাৰতবৰ্ষৰ প্রতিষ্ঠিত বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে আৰু অধিক বিভাষিত কৰি তােলে ৰাষ্ট্ৰীয় অধিৱেশনস্থলীৰ সৌষ্ঠৱ।

তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হােৱা এই অধিৱেশনৰ আৰম্ভণি হয় ২৪/১২/২০২১ তাৰিখ, শুক্রবাৰে। বিদ্যার্থী পৰিষদৰ ধ্বজা উত্তোলনেৰে আৰম্ভ হয় অধিৱেশনৰ প্রথম কাৰ্যসূচী।

সাংস্কৃতিক শােভাযাত্রা, মুকলি সভা প্রদর্শনী আদি বিভিন্ন কাৰ্যসূচীৰে আৰু অধিক বর্ধিত হৈ উঠে অধিৱেশনস্থলী।

এই ৰাষ্ট্ৰীয় অধিৱেশনৰ মুখ্য উদ্দেশ্য সমূহ হৈছে,বিভিন্ন সমস্যাৰ ওপৰত প্ৰস্তাৱ গ্রহণ কৰা, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন শৈক্ষিক চৌভিতিৰ ওপৰত বিভিন্ন প্রস্তাৱ গ্ৰহণ কৰাৰ উপৰিও ৰাষ্ট্ৰীয় সভাপতি, সাধাৰণ সম্পাদক নির্বাচনৰ দ্বাৰা পূর্ণাংগ ৰাষ্ট্ৰীয় সমিতি গঠন কৰা হয় ।

বিভিন্ন গুৰুত্বপূর্ণ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত হােৱা এই ৰাষ্ট্ৰীয় অধিৱেশনৰ সফল পৰিসমাপ্তি দেওবাৰে ঘটে। এই ৰাষ্ট্ৰীয় অধিৱেশনত পুনৰবাৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নির্বাচিত হয় চৌগন ভাই পাটেল ।

ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হয় নিধি ত্রিপাঠী আৰু লগতে অসমৰাে কেবাজনাে ছাত্র নেতাই ৰাষ্ট্ৰীয় সমিতিত স্থান লাভ কৰিবলৈ সক্ষম হয়।

তাৰে ভিতৰত বৰ্তমানৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাস ডাঙৰীয়াক ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি প্রদান কৰে।

বৰ্তমানৰ ৰাজ্যিক যুটীয়া সম্পাদিকা ৰীমা ঘােষ ডাঙৰীয়ানীক কেন্দ্রীয় কার্যসমিতিৰ সদস্য লগতে ৰাষ্ট্রীয় সহ-সংযােজক SFS (STUDENT FOR SEWA) হিচাপে নিযুক্তি প্রদান কৰে।

ৰাষ্ট্রীয় কার্যনির্বাহক ক্রমে-,শৈলেন গগৈ, মানস জ্যোতি বৰুৱা, ৰূপশ্রী গগৈ, কৃশালয় চক্ৰৱৰ্তী ৰিংকু প্রিয়াচী, গৌৰৱ মিশ্র আৰু লগতে বিদ্যার্থী পৰিষদৰ উত্তৰ-পূৱ ক্ষেত্ৰৰ ক্ষেত্রীয় সাংগঠনিক সম্পাদক হিচাপে পুনৰবাৰ নিযুক্তি লাভ কৰে নীৰৱ ঘিলানী দেৱে।

ৰাজ্যিক নৱ নিযুক্ত সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি লাভ কৰে অনুপ কুমাৰ ডাঙৰীয়াই আৰু ৰাজ্যিক সহ সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি লাভ কৰে ক্ৰমে,নিৰজ চৌধাকৰ ডাঙৰীয়া আৰু বিপুল ৰাভা ডাঙৰীয়াই।

বিদ্যার্থী পৰিষদৰ পৰৱর্তী ৬৮তম ৰাষ্ট্ৰীয় অধিৱেশন অসম (গুৱাহাটী) ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। এই সিদ্ধান্তই বিদ্যার্থী পৰিষদ অসম প্রদেশৰ কাৰ্যকৰ্তাক উৎফুল্লিত লগতে উৎসাহিত কৰি তােলে।

Exit mobile version