গোসাঁইগাঁও মহকুমা কৃষি বিভাগৰ অধীনস্থ তথা নেপালী জনগোষ্ঠীৰ লোকসকলৰ বসতিপ্ৰধান মানতাৰ কুটি গাঁৱত জৈৱিক সাৰেৰে সৰিয়হ উৎপাদন কৰি আহিছে । তামাৰহাটৰ মানতাৰ কুটি গাঁৱৰ এতিয়া মনোৰম দৃশ্য ।
ADVERTISEMENT
হালধীয়া দলিছা পাৰি দিছে প্ৰাকৃতিয়ে । চৌদিশে সৰিয়হৰে ভৰি পৰিছে খেতি-পথাৰ । প্ৰতি বছৰৰ দৰে গাঁৱৰ কৃষকসকলে শ শ বিঘা সৰিয়হৰ খেতি কৰিছে ।সৰিয়হৰ খেতিয়ে আনন্দিত কৰি তুলিছে অঞ্চলটোৰ কৃষকসকলক ।
কৃষক সকলৰ একাংশই নিজাববীয়াকৈ পানী দিয়াৰ ব্যৱস্থা কৰিছে যদিও সৰহভাগ কৃষকে খেতি-পথাৰত পানী দিব পৰা নাই । পূৰ্বৰ তুলনাত এইবেলি উৎপাদন বেছি হোৱাৰ লগতে বজাৰ মূল্য লাভ কৰিব বুলি কৃষকে আশা ব্যক্ত কৰিছে ।