চৌদিশে হালধীয়া হৈ পৰিছে মানতাৰ কুটি গাঁও, সৰিয়হৰ খেতিয়ে কৃষকক দিছে আনন্দ

WhatsApp Image 2021 12 28 at 7.28.42 PM

গোসাঁইগাঁও মহকুমা কৃষি বিভাগৰ অধীনস্থ তথা নেপালী জনগোষ্ঠীৰ লোকসকলৰ বসতিপ্ৰধান মানতাৰ কুটি গাঁৱত জৈৱিক সাৰেৰে সৰিয়হ উৎপাদন কৰি আহিছে । তামাৰহাটৰ মানতাৰ কুটি গাঁৱৰ এতিয়া মনোৰম দৃশ্য ।

হালধীয়া দলিছা পাৰি দিছে প্ৰাকৃতিয়ে । চৌদিশে সৰিয়হৰে ভৰি পৰিছে খেতি-পথাৰ । প্ৰতি বছৰৰ দৰে গাঁৱৰ কৃষকসকলে শ শ বিঘা সৰিয়হৰ খেতি কৰিছে ।সৰিয়হৰ খেতিয়ে আনন্দিত কৰি তুলিছে অঞ্চলটোৰ কৃষকসকলক ।

কৃষক সকলৰ একাংশ‌ই নিজাববীয়াকৈ পানী দিয়াৰ ব্যৱস্থা কৰিছে যদিও সৰহভাগ কৃষকে খেতি-পথাৰত পানী দিব পৰা নাই । পূৰ্বৰ তুলনাত এইবেলি উৎপাদন বেছি হোৱাৰ লগতে বজাৰ মূল্য লাভ কৰিব বুলি কৃষকে আশা ব্যক্ত কৰিছে ।

Exit mobile version