ষ্টেটাছ চিম্বল ? দেহৰক্ষী বিচাৰি নেতা-পালিনেতাৰ আবেদনৰ দ’ম

Himanta 1

ষ্টেটাছ চিম্বল নে সঁচাকৈয়ে নিৰাপত্তাহীনতাত ভুগিছে ৰাইজৰ সেৱক? কিয়নাে ব্যক্তিগত দেহৰক্ষী বিচাৰি ৰাজনীতিকে কৰা আবেদনে জিলাই জিলাই আৰক্ষীৰ মেজত দম বান্ধিছে।

অসম আৰক্ষীৰ সূত্ৰত প্রকাশ যে ৰাজ্যত নতুন চৰকাৰ গঠনৰ পাছৰ পৰা এনে আবেদন দাখিলৰ সংখ্যা অধিক বৃদ্ধি পাইছে। স্বাভাৱিকভাৱে আবেদনকাৰীসকলৰ বেছিভাগেই হ’ল বিজেপিৰ নেতা-পালিনেতা।

ৰাজ্যিক পর্যায়ৰ নেতাৰ উপৰি দলটোৰ অধিকাংশ জিলাৰ সভাপতি, উপ-সভাপতি,সম্পাদকো এই তালিকাত আছে। ইয়াকে লৈ বিমােৰত পৰিছে জিলা আৰক্ষী। সেয়েহে সমগ্র বিষয়টো ৰাজ্যিক পর্যায়ত বিবেচনা কৰি থকা হৈছে।

আৰক্ষী কোনাে পৰিস্থিতিতে হেজাৰ হেজাৰ লােকক দেহৰক্ষী দিবলৈ সক্ষম নহয়। এই সন্দৰ্ভত অসম আৰক্ষীৰ সূত্ৰই মন্তব্য কৰে যে প্রতিখন জিলাতে আবেদনকাৰী সকলােকে সন্তুষ্ট কৰিবলৈ গ’লে থানাত ‘ডিউটি’ কৰিবলৈও মানুহ নাথাকিব।

উল্লেখ্য যে দেহৰক্ষী বিচৰাৰ ‘ধুম’ উঠাৰ বিষয়টো গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগােচৰ হয়। দলৰ নেতা-পালিনেতাৰ এনে কাণ্ডক লৈ অসন্তুষ্টিও ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ পৰিপ্ৰেক্ষিততে শেহতীয়াকৈ মুখ্যমন্ত্রী শর্মাই ৰাজনৈতিক নেতাসকলক পার্মানে ব্যক্তিগত দেহৰক্ষী এৰাই চলিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীৰ এই আহ্বানক লৈ ৰাজ্যৰ ৰাজনীতিত সম্প্রতি তীব্র প্রতিক্রিয়া বাহাল আছে।

ইপিনে, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছত ব্যক্তিগত দেহৰক্ষী এৰাৰ বাবে আজি ইচ্ছা ব্যক্ত কৰে পথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্রীকে দেহৰক্ষী ত্যাগ কৰি নিদর্শন দাঙি ধৰিবলৈ আজি আহ্বান জনায় কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে।

Exit mobile version