জানুৱাৰীত বৈঠকত মিলিত হ’ব পুটিন-বাইডেন

CWONRMGNKJI3VM6W4EILDHYV5Y

ইউৰােপৰ নিৰাপত্তা সংক্রান্ত বিষয় আৰু ইউক্রেইন প্রসংগক লৈ অহা জানুৱাৰীত বৈঠকত মিলিত হ’ব দুই যুযুধান পক্ষ আমেৰিকা আৰু ৰাছিয়া।

ADVERTISEMENT

পৰমাণু শক্তি নিয়ন্ত্ৰণৰ বিষয়তাে উভয় ৰাষ্ট্রৰ মাজত বিশদ আলােচনা অনুষ্ঠিত হ’ব বুলি বুধবাৰে হােৱাইট হাউছৰ এক সূত্রই মার্কিন সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ এজন মুখপাত্রই জনােৱা অনুসৰি অহা ১০ জানুৱাৰীত আমেৰিকা-ৰাছিয়াৰ প্রস্তাৱিত দ্বিপাক্ষিক বৈঠকখন অনুষ্ঠিত হােৱাৰ সম্ভাৱনা আছে।

এই বৈঠকত অংশ ল’ব মার্কিন ৰাষ্ট্রপতি জ’ বাইডেন আৰু ৰাছিয়াৰ ৰাষ্ট্রপতি ভডিমীৰ পুটিনে। স্মর্তব্য যে যােৱা জুনত জেনেভাত অন্তিমবাৰৰ বাবে মুখামুখি হৈছিল বাইডেন আৰু পুটিনে।

Exit mobile version