তুষাৰপাতৰ অভিলেখ দাৰ্জিলিঙত, বৰফৰ চাদৰে ঢাকিলে টাইগাৰ হিম-ঘুম

sikkim 1 1024x577 1

প্ৰৱল তুষাৰপাতে পূৰ্বৰ অভিলেখ ভংগ কৰিলে দাৰ্জিলিঙৰ বিস্তীৰ্ণ অঞ্চলত । বুধবাৰে পুৱা ঘুম, ছান্দাকফু, ফালুট, টাইগাৰ হিল, জোড়বাংলো, সুখীয়া পোখাৰি, আলুবাড়িৰ দৰে অঞ্চলত প্ৰৱল তুষাৰপাত হয় । নিৰন্তৰ তুষাৰপাতৰ ফলত বৰফৰ চাদৰত ঢাক খাইছিল বিস্তীৰ্ণ অঞ্চল ।

ইফালে, ছিকিমতো বিগত কে’বাদিন ধৰি প্ৰৱল তুষাৰপাত অব্যাহত আছে । বুধবাৰে পুৱাও অঞ্চলটোত প্ৰৱল তুষাৰপাত হয় । টাইগাৰ হিলতো এইবাৰ যথেষ্ট তুষাৰপাত হৈছে ।

দাৰ্জিলিং চহৰত বুধবাৰে পুৱা পাৰাস্তম্ভ সাত ডিগ্ৰী ছেলচিয়াছলৈকে অৱনমিত হৈছিল । টাইগাৰ হিলত শীতকালত প্ৰতি বছৰে তুষাৰপাত হৈ আহিছে যদিও বুধবাৰে পুৱা অঞ্চলটোত সৰ্বাধিক তুষাৰপাত হৈছিল ।

পৰ্যটকসকলে প্ৰকাশ কৰা অনুসৰি পূৰ্বেও টাইগাৰ হিলত তুষাৰপাত প্ৰত্যক্ষ কৰিছিল যদিও এইবাৰৰ দৰে অঞ্চলটোত প্ৰৱল তুষাৰপাত পূৰ্বে হোৱা নাছিল ।

Exit mobile version