ভূমকি প্ৰাথমিক বিদ্যালয়ত বাৰ্ষিক খেল-ধেমালী দিৱসৰ লগতে বঁটা বিতৰণি সভা অনুষ্ঠিত

WhatsApp Image 2021 12 30 at 7.35.36 PM

কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ শিক্ষাখণ্ডৰ অধীন ৪৯৯ নং ভূমকি প্ৰাথমিক বিদ্যালয়ত বাৰ্ষিক খেল-ধেমালী দিৱস আৰু ২০২১-২২ বৰ্ষৰ বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰে ।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ খেল-ধেমালীৰ লগতে নৃত্য-গীত আদি অনুষ্ঠানৰ ওপৰিও পুৰস্কাৰ আৰু এখন মুকলি সভাও অনুষ্ঠিত হয় । যোৱা ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ কৰি আজি পুৰস্কাৰ বিতৰণি আৰু মুকলি সভাৰ মাধ্যমে অনুষ্ঠানৰ সামৰণি পৰে ।

অনুষ্ঠানত উপস্থিত থাকে বেশৰগাঁও সমল কেন্দ্ৰৰ সমল বিষয়া যুৱৰাজ ৰায়, অৱসৰপ্ৰাপ্ত শিক্ষক ঋষি মোহন নাথ, লক্ষন হেমব্ৰম, কৃষ্ণ কমল দাস, অজিত নাথ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নবিন বাসকি আদিৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত কুমাৰ বৰ্মন আদিয়ে । খেল-ধেমালী নৃত্য-গীত অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থান পোৱা শিক্ষাৰ্থী সকলোক মেডেলেৰে সম্বৰ্ধনা জনায় ।

Exit mobile version