ৰিলয়েন্সৰ দায়িত্ব এৰিব মুকেশে,নিজে দিলে ইংগিত

06mukesh ambani2

বৃহৎ স্বপ্ন আৰু অসম্ভৱ লক্ষ্য পূৰণৰ বাবে প্রয়ােজন সুযােগ্য নেতৃত্বৰ। এইবাৰ ৰিলায়েন্সৰ শীর্ষ মহলত পৰিৱৰ্তনৰ ইংগিত দিলে প্রতিষ্ঠানটোৰ মুৰব্বী মুকেশ আম্বানীয়ে।

ADVERTISEMENT

মঙলবাৰে ৰিলায়েন্স পাৰিবাৰিক দিৱস পালন কৰি পৰােক্ষভাৱে আম্বানীয়ে ইংগিত দি কয় যে আগন্তুক সময়ত ৰিলায়েন্সৰ নেতৃত্বদানৰ দায়িত্বৰ পৰা তেওঁ অব্যাহতি ল’ব।

প্রতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক ধীৰুভাই আম্বানীৰ জন্মদিন পালন কৰি ভাষণ প্রসংগত মুকেশে কয়,’বৃহৎ স্বপ্ন হওক কিম্বা অসম্ভৱ লক্ষ্য পূৰণ, ইয়াৰ বাবে প্রয়ােজন সঠিক ব্যক্তি আৰু সুযােগ্য নেতৃত্বৰ।

ৰিলায়েন্স এই মুহূর্তত গুৰুত্বপূর্ণ নেতৃত্বৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াত আছে। আমাৰ প্ৰজন্মৰ প্ৰবীণসকলৰ পৰা আৰম্ভ কৰি তৰুণ প্রজন্মৰ সকলােৱে নেতৃত্বদানৰ বাবে যােগ্য। মই নিশ্চিত যে আকাশ, ঈশা বা অনন্তই আগন্তুক দিনত নেতা হিচাপে আগুৱাই আহিব আৰু ৰিলায়েন্সক নেতৃত্ব দি অধিক উচ্চতালৈ প্রতিষ্ঠানটোক লৈ যাব। ‘

উল্লেখ্য যে আকাশ, ঈশা আৰু অনন্ত হৈছে আম্বানীৰ তিনি সন্তান। এই মন্তব্যৰে আম্বানীয়ে এটা কথা স্পষ্ট কৰিলে যে ৰিলায়েন্সৰ নেতৃত্বত তেওঁ পৰিয়ালৰ তিনি সদস্যকে বিচাৰে। স্মর্তব্য যে আম্বানী হৈছে এই মুহূর্তত ভাৰতৰ লগতে এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তি।

Exit mobile version