RRR : স্থগিত নহয় ছবিৰ মুক্তি, জানুৱাৰীতে ছবিগৃহলৈ আহিব আৰ আৰ আৰ

maxresdefault 1

পিছুৱাই দিয়া হোৱা নাই ‘আৰআৰআৰ’ৰ মুক্তিৰ দিন। নিৰ্ধাৰিত দিনতে অৰ্থাৎ সাত জানুৱাৰীত ছবিগৃহত মুক্তি পাব এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত বৃহৎ বাজেটৰ চলচ্চিত্ৰখন ।

ক’ভিডৰ আতংকত পিছুৱাই দিয়া হৈছে শ্বাহিদ কাপুৰ অভিনীত ‘জাৰ্চি’ৰ মুক্তি দিন। সমগ্ৰ দেশতে বৰ্ধিত অ’মিক্ৰন উদ্বেগৰ মাজত ছবিগৃহৰ পৰা আঁতৰি আহিছে ছবিপ্ৰেমী ৰাইজ ।

দিল্লীত ছবিগৃহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । এনে পৰিস্থিতিত অনুমান কৰা হৈছিল যে ‘আৰআৰআৰ’ৰ মুক্তি পিছুৱাই দিয়া হ’ব পাৰে। কিন্তু পৰিচালক ৰাজামৌলীয়ে প্ৰকাশ কৰিছে যে ৰাম চৰণ, জুনিয়ৰ এনটিআৰ আৰু আলিয়া ভট্ট অভিনীত ছবিখন নতুন বছৰৰ আৰম্ভণিতে মুক্তি পাব।

বলীউডৰ বাণিজ্য বিশ্লেষক তৰণ আদৰ্শই টুইট কৰি লিখিছ, ‘আৰআৰআৰ ২০২২ চনৰ সাত জানুৱাৰীত মুক্তি পাব। এছ এছ ৰাজামৌলীয়ে মোক দৃঢ় ভাৱে জনাইছিল । ছবিখনৰ মুক্তিৰ দিনটো পিছুৱাই দিয়া নহয় ।’

Exit mobile version