নিৰ্মাণ হ’ব ৰাজেশ খান্নাৰ বায়’পিক

88535266

বলিউদৰ প্ৰথমজন ছুপাৰষ্টাৰ আছিল ৰাজেশ খান্না। এসময়ত ৰাজেশৰ ছবিৰ বাবে দর্শকৰ মাজত হাহাকাৰ লাগিছিল।

ADVERTISEMENT

বহু কেইখন ছুপাৰহিট ছবি উপহাৰ দিয়া ৰাজেশ ৰােমান্টিক নায়কৰূপেও অনুৰাগীৰ মাজত জনপ্রিয় হৈ পৰিছিল।

কোনাে বলিউদৰ নায়কে ৰাজেশ খান্নাৰ পূর্বে ছুপাৰষ্টাৰ আখ্যা পােৱা নাছিল।অভিনেতাজনৰ ব্যক্তিগত জীৱনাে আছিল বর্ণময়।

প্রয়াত অভিনেতাজনৰ বায়’পিক নির্মাণ হ’বলৈ ওলাইছে। এই বায়’পিক প্রযােজনা কৰিব নিখিল দ্বিবেদীয়ে।

গৌতম চিন্তামণিৰে ৰচনা কৰা ৰাজেশ খান্নাৰ জীৱনী ‘ডার্ক ষ্টাৰ : দ্য ল’নলিনেছ অৱ বিয়িং ৰাজেশ খান্না’ৰ আলমত ছবিখন নির্মাণ কৰা হ’ব বুলি প্রযােজকে জনাইছে।

ফাৰহা খানে ছবিখন পৰিচালনা কৰাৰ সম্ভাৱনা আছে। ছবিখনক কেন্দ্র কৰি ইতিমধ্যে ফাৰহা আৰু নিখিলৰ আলােচনা চলি আছে।

অৱশ্যে ফাৰহাই এতিয়াই ছবিখনৰ সন্দৰ্ভত বিশেষ তথ্য সদৰী কৰিব বিচৰা নাই। ৰাজেশৰ পৰিয়ালৰ সন্মতি সাপেক্ষেহে ছবি নির্মাণ কৰা হ’ব বুলি প্রযােজক নিখিলে জনাইছে।

উল্লেখ্য যে ৰাজেশ খান্নাৰ ব্যক্তিগত জীৱনাে আছিল ছবিৰ পৰ্দাৰ দৰেই ৰঙীন। সেয়ে তেনে এটা চৰিত্ৰত অভিনয় কৰাটো যিকোনাে অভিনেতাৰ বাবেই প্রত্যাহ্বানজনক।

সেয়ে কোন অভিনেতাই ৰাজেশ খান্নাৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ আগবাঢ়ি আহিব, সেয়াহে ডাঙৰ প্রশ্ন। প্রযােজকৰ ঘনিষ্ঠ মহলৰ মতে আমি খান বা ৰণবীৰ কাপুৰৰ নাম বিবেচনা কৰি থকা হৈছে।

Exit mobile version