বিজনীৰ ২নং লক্ষীঝোৰাত আহতপ্ৰাপ্ত ভালুক উদ্ধাৰ ,বন বিভাগে উদ্ধাৰ কৰাৰ পাছতেই মৃত্য হয় ভালুকটোৰ

চিৰাঙৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৰ দুই নং লক্ষীঝোৰাত আহত ক’লা ভালুক উদ্ধাৰ । লক্ষীঝোৰাৰ খেতি পথাৰত উদ্ধাৰ হয় ভালুকটো।

বিয়লি চাৰি বজাত স্থানীয় লোকে পথাৰত ভালুকটো পৰি থকা প্ৰধ্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত বন বিভাগৰ বিষ্ণুপুৰ বীট কাৰ্যালয়ৰ বনকৰ্মী, ৱাইল্ড লাইফ সহ WTI স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মী।

ভালুকটোৰ মূৰত চোকা অস্ত্ৰৰ দাগ স্পষ্ট । কোনে ভালুকটোক চোকা অস্ত্ৰেৰে ঘপিয়াই আহত কৰিলে সেয়া ৰহস্যজনক ।

ইয়াৰ পাছতে বন বিভাগে ভালুকটো উদ্ধাৰ কৰি অনাৰ পাছত সন্ধিয়া মৃত্যু হোৱা বুলি জনায় বন বিভাগৰ লোকে। যোৱা কিছু দিনৰ পৰাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভালুক ওলাই আহিছিল চিৰাঙৰ বিভিন্ন গ্ৰামাঞ্চলত ।

কে’বাটাও ভালুক বন বিভাগে ধৰি মানাহত পুনৰ এৰিছিল। আজি আকৌ এই ভালুকটো আহত অৱস্থাত উদ্ধাৰ হয়। বন বিভাগে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version