১১ মাহত ৰাজ্যত ৩০,৬০০টা মহিলাৰ বিৰুদ্ধে অপৰাধ

1567249078 GettyImages 886803796

২০২০ বৰ্ষত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত ১৫৪.৩ শতাংশ হাৰেৰে দেশৰ শীর্ষস্থানত থকা অসমত বিদায়ী ২০২১ বর্ষটোত অভিলেখ সংখ্যক নাৰীৰ বিৰুদ্ধে অপৰাধ সংঘটিত হােৱাৰ উদ্বেগজনক তথ্য পােহৰলৈ আহিছে ।

অসম আৰক্ষীৰ অপৰাধ শাখাৰ সূত্রই সদৰী কৰা তথ্য অনুসৰি, ২০২০ত ৰাজ্যত ২১,৯১৪টা মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছিল। একেদৰে ২০১৯ত ২৬,১৭১টা, ২০১৮ ২৪,৫৫৬টা, ২০১৭ ২১,২৯৮টা আৰু ২০১৬ত ১৯,৩৬২টা অপৰাধ মহিলাৰ বিৰুদ্ধে সংঘটিত হৈছিল ।

এই বর্ষসমূহৰ উল্লিখিত সংখ্যাৰ অপৰাধক চেৰ পেলাই সদ্য বিদায়ী বর্ষতে অর্থাৎ ২০২১ৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈ ১১ মাহত ৰাজ্যখনত অভিলেখ সংখ্যক ৩০,৬০০টা এনে অপৰাধ সংঘটিত হৈছে বুলি তথ্য সদৰী কৰে আৰক্ষী সূত্রই ।

ইয়াৰ ভিতৰত ধর্ষণ, সৰবৰাহ, যৌতুকজনিত হত্যা,অপহৰণ, নির্যাতন আৰু স্বামী নির্যাতনৰ অপৰাধ আদি আছে বুলি সূত্ৰটোৱে সদৰী কৰে। উল্লেখ্য যে ২০২১ বৰ্ষত পহিলা জানুৱাৰীৰ পৰা ৩০ ছেপ্টম্বৰলৈ ৰাজ্যত মুঠ ২২,০৩৯টা অপৰাধ সংঘটিত হৈছিল মহিলাৰ বিৰুদ্ধে ।

ইয়াৰ পৰৱর্তী দুমাহত অর্থাৎ অক্টোবৰ আৰু নৱেম্বৰত ৮,৫৬১টা এনে অপৰাধ ৰাজ্যত সংঘটিত হয় । বিজেপি চৰকাৰৰ কাৰ্যকালত অর্থাৎ ২০১৬ৰ পহিলা জানুৱাৰীৰ পৰা ২০২১ৰ ৩০ নৱেম্বৰলৈ ১,৪৩,৯০১ টা মহিলাৰ বিৰুদ্ধে অপৰাধ অসমত সংঘটিত হৈছে বুলি সংশ্লিষ্ট বিভাগৰ সূত্রই সদৰী কৰিছে ।

ইফালে, ২০২১ত ৰাজ্যত অস্বাভাৱিক হাৰত শিশুৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি হােৱা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে । বিদায়ী বর্ষটোৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈ অর্থাৎ ১১ মাহত ৰাজ্যত ৭,২০০ টা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হয় ।

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, অক্টোবৰ আৰু নৱেম্বৰ এই দুমাহতে ১,৮৫০টা এনে অপৰাধ সংঘটিত হয়। আনহাতে, ২০২১ অক্টোবৰ আৰু নৱেম্বৰ এই দুমাহত ৩৪০টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।

বিদায়ী বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈ ৰাজ্যত মুঠ ১,১১০টা হত্যাকাণ্ড সংঘটিত হয় বুলি সদৰী কৰি সূত্ৰটোৱে । উল্লেখ্য যে বিগত বৰ্ষৰ শেষ মাহ অর্থাৎ ডিচেম্বৰৰ অপৰাধৰ সংখ্যাসহ সম্পূর্ণ বৰ্ষটোৰ অপৰাধৰ তথ্য আগন্তুক মাৰ্চত ৰাজহুৱা কৰিব অপৰাধ তদন্ত বিভাগে আৰু এই উল্লিখিত অপৰাধৰ সংখ্যাও কিছু পৰিমাণে বৃদ্ধি পােৱাৰ সম্ভাৱনা আছে ।

Exit mobile version