Auto Antibodies : উপসর্গহীন, মৃদু উপসর্গ‌টো বহু ক্ষতিকৰ এন্টিবডি তৈয়াৰ কৰে কৰ’না ভাইৰাছে, প্রথম জনালে গৱেষণাত

covid 19 vaccination

কৰ’না ভাইৰাছৰ সকলো ৰূপেই ৰোগীৰ শৰীৰত এনে ধৰণৰ এন্টিবডি তৈয়াৰ কৰে, যিয়ে মানৱদেহত অন্যান্য ৰোগৰ প্রতিৰোধী এন্টিবডিবোৰক আক্রমণ কৰে ।

শৰীৰৰ বাবে ক্ষতিকৰ এই এন্টিবডিবোৰে ৰোগীৰ শৰীৰৰ বিভিন্ন অংশ বা অংগ-প্ৰতংগৰ কোষ-কলাবোৰক আক্রমণ কৰে । ৰোগী সুস্থ হোৱাৰ পাছতো দীর্ঘদিন ধৰি শৰীৰত এই ক্ষতিকৰ এন্টিবডিবোৰৰ প্রভাৱ থাকে ।

আলফা, বিটা, ডেল্টা, অ’মিক্রন । কৰ’না ভাইৰাছৰ সকলো ৰূপৰ সংক্রমণেই ৰোগীৰ শৰীৰত তৈয়াৰ হয় ক্ষতিকৰ এন্টিবডিবোৰ । কোনো ক্ষেত্রত কম, কোনো ক্ষেত্রত বেছি । মৃদু উপসর্গৰ ৰোগীৰ ক্ষেত্রত যেনে হয়, উপসর্গহীন ৰোগীৰ ক্ষেত্রতো একেই দেখা যায় । চিকিৎসাবিজ্ঞানৰ পৰিভাষাত এই ক্ষতিকৰ এন্টিবডিবোৰক কোৱা হয়— ‘অট’এন্টিবডি’ ।

সম্প্রতি এক গৱেষণাত এই খবৰ প্ৰকাশ পাইছে । গৱেষণাপত্রটো প্রকাশিত হৈছে আন্তর্জাতিক চিকিৎসাবিজ্ঞান গৱেষণা পত্রিকা ‘জার্নেল অৱ ট্রান্সলেছনেল মেডিচিন’-ত । এটা আন্তর্জাতিক দলে কৰা এই গৱেষণাৰ নেতৃত্ব দিছে আমেৰিকাৰ ছেডার্চ-চিনাই স্মিট হার্ট ইনষ্টিটিউটে ।

ইয়াৰ আগৰ গৱেষণাত পোৱা গৈছিল, ক’ভিড ভয়াৱহ হৈ উঠিলে ৰোগীৰ শৰীৰ স্বাভাৱিক প্রতিৰোধ ব্যৱস্থাৰ ওপৰত ইমানে বেছি চাপ পৰে যে তাৰ ফলত ৰোগীৰ শৰীৰত এই ক্ষতিকৰ এন্টিবডিবোৰ তৈয়াৰ হৈ যায় । যিটো ৰোগী সুস্থ হৈ উঠাৰ পাছতো কিছুদিন সক্রিয় হৈ থাকে ।

এই গৱেষণাত প্রথমে জনায়, মৃদু উপসর্গৰ বা উপসর্গহীন ৰোগীৰ শৰীৰতো এই ক্ষতিকৰ এন্টিবডিবোৰ তৈয়াৰ হয় আৰু সেইবোৰ ৰোগী সুস্থ হোৱাৰ পাছতো প্ৰায় ছমাহ সক্রিয় হৈ থাকে । যাৰ বাবে ৰোগীৰ বিভিন্ন অংগ-প্ৰতংগৰ ক্ষয়ক্ষতি হৈ থাকে দীর্ঘ সময় ধৰি ।

বিশেষজ্ঞসকলৰ একাংশৰ মতে, ক’ভিড অন্যান্য ভাইৰাছৰ সংক্রমণৰ তুলনাত কিয় অভিনৱ, এই গৱেষণাই তাৰ কিছুমান কাৰণ জনালে ।

গৱেষকসকলে ১৭৭ জন ক’ভিড ৰোগী আৰু সমসংখ্যক সুস্থ লোকৰ তেজৰ নমুনাৰ প্লাজমাৰ পৰা এন্টিবডি লৈ এই পৰীক্ষা চলাইছিল গৱেষণাগাৰত ।

তেওঁলোকে দেখে যে, ক’ভিডে মৃদু উপসর্গ থকা বা উপসর্গহীন ৰোগীৰ ক্ষেত্রত নানা ধৰণৰ ক্ষতিকৰ এন্টিবডি তৈয়াৰ কৰে, যাৰ প্রভাৱ দীর্ঘম্যাদি হয় ।

Exit mobile version