VISA rules : ভিছা নীতি পৰিৱৰ্তন কৰিব ব্রিটেইনে !

shutterstock 98569004 min 4

ভাৰতীয়সকলৰ বাবে প্ৰবাসী নীতিত বেচ কিছু শিথিল কৰিব পাৰে ব্রিটেইনে । আজি এটা ব্রিটিছ সংবাদমাধ্যমৰ এক প্রতিবেদনত জনোৱা হয়, ব্রিটেইনৰ বৈদেশিকমন্ত্রী লিজ ট্রাছে বিশ্ব বাণিজ্যমঞ্চত চীনৰ আধিপত্য ৰোধ কৰিবলৈ ভাৰতৰ স’তে নতুন বাণিজ্য নীতি ৰূপায়ণৰ কথা ভাবিছে । সেই লক্ষ্যৰেই প্ৰবাসী আইনত কিছু পৰিৱৰ্তন অনা হ’ব । ইয়াৰ ফলত ব্রিটেইনত অহা ভাৰতীয়সকলেই লাভবান হ’ব ।

আগন্তুক সপ্তাহৰ পৰাই ভাৰত-ব্রিটেইন বাণিজ্য বৈঠক আৰম্ভ হোৱাৰ কথা । প্ৰবাসী আইনত পৰিৱৰ্তন আনি বৰিছ জনছন চৰকাৰে, নতুন দিল্লীয়ে ব্রিটেইনৰ স’তে নতুন বাণিজ্য চুক্তি স্বাক্ষৰ কৰাটো বিচাৰিছে । নতুন দিল্লীয়ে বহুদিন ধৰি ব্রিটেইনৰ প্ৰবাসী নীতিত কিছু পৰিৱৰ্তন বিচাৰিছে । জনছন চৰকাৰৰ আশা, এই চুক্তি বাস্তৱায়িত হ’লে ভাৰতীয় ব্যৱসায়ীসকলে অধিক দ্বিপাক্ষিক লেনদেনত অংশত ল’ব । ব্রিটেইনৰ আন্তর্জাতিক বাণিজ্যমন্ত্রী এন-মাৰি ট্রেভেলেনৰ (যাৰ মন্ত্রণালয়ৰ দায়িত্বত আছে অন্যান্য দেশৰ স’তে ব্রিটেইনৰ বাণিজ্যিক সম্পর্ক) চলিত মাহতেই দিল্লী যোৱাৰ কথা । সেই ভ্ৰমণতেই নতুন বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ সম্ভাৱনা । আন্তর্জাতিক বাণিজ্যমন্ত্রী আৰু বৈদেশিক মন্ত্রীৰ এই যৌথ প্রচেষ্টাৰ অৱশ্যে বিৰোধিতা কৰিছে এগৰাকী প্রথম শাৰীৰ ব্রিটিছ মন্ত্রী—ভাৰতীয় ব‌ংশোদ্ভূত গৃহমন্ত্রী প্রীতি পেটেলে । প্ৰবাসী আইনত যিকোনো ধৰণৰ পৰিৱৰ্তন অনাৰ তেওঁ ঘূৰ বিৰোধী । প্রীতিৰ দাবী, প্ৰবাসী আইন আৰু শিথিল কৰিলে কর্মসংস্থান আৰু ব্যৱসায়িক দিশৰ পৰা মাৰ খাব ব্রিটেইনৰ নাগৰিকসকলেই ।

প্ৰবাসী নীতিত কেনে ধৰণৰ পৰিৱৰ্তন আনিব বিচাৰিছে বৈদেশিক মন্ত্রীয়ে ? সম্প্ৰতি অষ্ট্ৰেলিয়াৰ স’তে ব্রিটেইনৰ যি ধৰণৰ প্ৰবাসী নীতি আছে, সেই অনুযায়ীয়ে ভাৰতীয়সকলৰ বাবে কিছু নিয়ম জাৰি কৰা হ’ব । যেনে, কমবয়সৰ ভাৰতীয়সকলে ইচ্ছা কৰিলে দেশখনত আহি তিনি বছৰ পর্যন্ত কোনো চাকৰি কৰিব পাৰিব । ইয়াৰ উপৰি, যিসকলে ষ্টুডেন্ট ভিছাত এই দেশত আহি শিক্ষা গ্ৰহণ কৰিব, তেওঁলোকে ডিগ্রী পোৱাৰ পাছত কিছুদিন ব্রিটেইনত থাকি চাকৰি কৰাৰ সুযোগ লাভ কৰিব । তদুপৰি, পর্যটন, বাণিজ্য বা চাকৰি — বিভিন্ন ক্ষেত্রতেই ভিছা মাচুল কম কৰাৰ কথাও ভাবিছে ব্রিটিছ চৰকাৰে ।

এতিয়া যিসকলে চাকৰি কৰিবলৈ ব্রিটেইনলৈ যায়, তেওঁলোকে ৱর্ক ভিছাৰ বাবে ১৪০০ পাউণ্ড মাচুল দিবলগীয়া হয়, ষ্টুডেন্ট ভিছা মাচুল ৩৪৮, পর্যটন ভিছা মাচুল ৯৫ পাউণ্ড । ভাৰতত আহিবলৈ ব্রিটিছসকলে ১১০ পাউণ্ড পর্যটন ভিসা মাচুল দিবলগীয়া হয় আৰু এবছৰৰ বাবে বাণিজ্য ভিছা মাচুল ১৬৫ পাউণ্ড ।

আমেৰিকা বা ইউৰোপীয় ইউনিয়নৰ স’তে ভাৰতৰ কোনো স্বতন্ত্র দ্বিপাক্ষিক চুক্তি নাই । ফলত এই চুক্তি হ’লে লাভবান হ’ব নতুন দিল্লীও‌ । আনহাতে, ব্রেক্সিট-পৰৱর্তী সময়ত বিভিন্ন দেশৰ স’তে নতুনকৈ বাণিজ্য চুক্তি কৰিবলৈ উদ্‌গ্রীৱ লণ্ডন ।

Exit mobile version