বাসুগাঁৱত ১৫-১৮ বছৰ বয়সৰসকলৰ ক’ভিড প্ৰতিষেধক উদ্বোধন কৰিলে মন্ত্ৰী উৰ্খাউগৌৰা ব্ৰহ্মই

চিৰাঙৰ বাসুগাঁও কলেজত আনুষ্ঠানিকভাৱে ১৮ বছৰৰ তলত আৰু ১৫ বছৰৰ ওপৰৰ ল’ৰা-ছোৱালীৰ ক’ভিড প্ৰতিষেধক উদ্বোধন কৰে চিৰাঙৰ অভিভাৱক মন্ত্ৰী উৰ্খাউগৌৰা ব্ৰহ্মই । চিৰাঙত আজি ছহেজাৰ লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে জিলা প্ৰশাসনে আগবঢ়া বুলিও উল্লেখ কৰে মন্ত্ৰীজনে ।

পুৱা ১০ বজাত চিৰাঙৰ বাসুগাঁও কলেজত প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ ফিতা কাটী উদ্বোধন কৰে মন্ত্ৰীজনে । মন্ত্ৰীজনৰ স’তে চিৰাং জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰাতুল বৰদলৈ, অতিৰিক্ত উপায়ুক্তসকল, জিলা প্ৰশাসনৰ আন বিষয়ববীয়াৰ লগতে বাসুগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যক্ষ-প্ৰৱক্তাসকল উপস্থিত থাকে‌ ।

উদ্ধোধনৰ পাছতে বাসুগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীৰ স’তে ক’ভিড প্ৰতিষেধক সন্দৰ্ভত এক সজাগতা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীজনে ।

Exit mobile version