Vaccination : সন্তানক কৰ’না টিকা দিব ? মনত ৰাখক এই পাঁচটা কথা

23ak10 Youngster Vaccination Drive 2

(১) যদি আপোনাৰ সন্তানৰ এলাৰ্জি আছে বা আন কোনো ৰোগ আছে, অনুগ্ৰহ কৰি টিকাকৰণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওঁক।

(২) টিকাকৰণ কৰিবলৈ যোৱাৰ আগতে শিশুটোৰ পৰ্যাপ্ত টোপনি, স্বাস্থ্যকৰ খোৱা বোৱা, শৰীৰচর্চা আদিৰ দিশবোৰো মনত ৰাখিব।

(৩) টিকাকৰণৰ পাছত মৃদু জ্বৰ, পেশীৰ বিষ, ডিঙিৰ বিষ হোৱাটো খুবেই সাধাৰণ লক্ষণ। ইয়াৰ পৰা বুজা যায় যে ভেকছিনে কাম কৰিছে। গতিকে এইসমূহক লৈ ভয় নকৰিব আৰু আপোনাৰ সন্তানৰ মাজত অপ্ৰয়োজনীয় আতংক সৃষ্টি নকৰিব।

(৪) প্ৰতিষেধক লোৱাৰ দুই তিনিদিনৰ ভিতৰত যদি আপোনাৰ সন্তানৰ জ্বৰ হয় বা শৰীৰত কোনো এলাৰ্জি হয়, এই ক্ষেত্ৰত অতি আৱশ্যক চিকিৎসকৰ স’তে কথা পতা।

(৫) টিকাকৰণৰ পাছত জ্বৰ হ’লে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ শিশুটোক কোনো ঔষধ নিদিব। তাৰ সলনি যথেষ্ট পানী খুৱাওক। টিকাকৰণ গ্ৰহণ কৰাৰ লগে লগে টিকা লোৱা ঠাইত ঠাণ্ডা পানীও লগাই দিব পাৰে।

Exit mobile version