আমেৰিকাত উদ্ধাৰ শতাব্দীপ্রাচীন ‘টাইম কেপচুল’

মধ্যমীয়া আকাৰৰ এটা চাৰি চুকীয়া তামৰ বাকচ, যাৰ বয়স কমেও ১৩০ বছৰ। সেই বাকচটোক কেন্দ্ৰ কৰিয়ে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আমেৰিকাৰ ভার্জিনিয়া প্রদেশত।

ভার্জিনিয়া প্রদেশৰ গৱৰ্ণৰ ৰা নর্থহেমে দাবী কৰিছে যে সেই তামৰ বাকচো কোনাে সাধাৰণ বস্তু নহয়, বৰঞ্চ সেইটো আচলতে এটা ‘টাইম কেপচুল’। সেই বাকচৰ ভিতৰত কি আছে, সেয়া অৱশ্যে এই পর্যন্ত জানিব পৰা হােৱা নাই।

গৱৰ্ণৰ নর্থহেমে জনাইছে যে কিছু দিনৰ পাছত সংৰক্ষণবিদসকলে সেই বাকচটো খুলিব। তাৰ পাছতহে ইয়াৰ ৰহস্যভেদ হ’ব। জনা যাব কি কি প্রাচীন বস্তু আছে সেই ‘টাইম কেপচুল’ৰ ভিতৰত।

‘টাইম কেপচুল’ হৈছে এনে এবিধ বাকচ, যিটো ইচ্ছাকৃতভাৱেই মাটিৰ গভীৰত পুতি ৰখা হয়। তাৰ ভিতৰত থাকে এনে কিছুমান বস্তু, যাৰ প্রত্নতাত্ত্বিক গুৰুত্ব আছে।

যাতে কোনাে পৰৱর্তী প্রজন্মই সেই বাকচটো উদ্ধাৰ কৰিলে তৎকালীন ইতিহাস আৰু মানৱ সভ্যতা সম্পর্কে আধুনিক যুগৰ মানুহে কিছু এক ধাৰণা কৰিব পাৰে। ভার্জিনিয়া প্রদেশৰ ৰাজধানী ৰিচমণ্ডত থকা এজন কনফেডাৰেট জেনেৰেলৰ প্রতিমূর্তিৰ তলৰ অংশ খান্দি থকা অৱস্থাতে এই বাকচটো উদ্ধাৰ হয়।

মূর্তিৰ তলৰ পৰা ‘টাইম কেপচুল’টো উদ্ধাৰ কৰা হয়। উল্লেখ্য যে শ্বেতাংগ আৰক্ষী বিষয়া এজনৰ অত্যাচাৰত কৃষ্ণাংগ যুৱক জর্জ ফ্লয়েডৰ মৃত্যুৰ পাছৰে পৰা আমেৰিকাত আৰম্ভ হৈছিল বর্ণবিদ্বেষ-বিৰােধী আন্দোলন ‘ব্লেক লাইভছ মেটাৰ’।

তেতিয়াই দাসপ্রথা আৰু বর্ণবিদ্বেষৰ প্রতীকস্বৰূপ সেই কালৰ কনফেডাৰেট জেনেৰেলসমূহৰ মূৰ্তিবােৰ ভাঙি পেলোৱাৰ দাবী উঠিছিল। ইয়াৰ পাছৰ পৰাই আমেৰিকাৰ বিভিন্ন প্রদেশত থকা এই ধৰণৰ মূর্তিসমূহ ভাঙি পেলােৱাৰ সিদ্ধান্ত লৈছিল প্রদেশসমূহৰ প্রশাসনে ইয়াৰ ভিত্তিতেই বিগত কিছুদিন ধৰি ৰিচমণ্ডত থকা এটা মূর্তি ভাঙি থকা হৈছিল।

তেতিয়াই মূর্তিৰ তলৰ অংশৰ পৰা ‘টাইম কেপচুল’টো উদ্ধাৰ হােৱাত স্বাভাৱিকতে উৎসাহী হৈ পৰা নর্থহেমে বাকচটোৰ একাংশ ফটো টুইট কৰি লিখিছে, তেওঁলােকে এইটো বিচাৰি পাইছে।

ধাৰণা হৈছে, এইটোৱেই সেই ‘টাইম কেপচুল’ যিটো ইমানদিনে বিচাৰি থকা হৈছিল। অৱশ্যে এইটোৱেই প্রথম নহয়। ভার্জিনিয়াত যােৱা সপ্তাহতাে মাটিৰ গভীৰত আন এটা ‘টাইম কেপচুল’ৰ সন্ধান পােৱা গৈছিল।

আনহাতে, ১৮৮৭ত প্রকাশিত এখন কাকতৰ প্রতিবেদনৰ মাধ্যমেৰে জনা গৈছে যে কনফেডাৰেট জেনেৰেল ৰবাৰ্ট ই লীৰ মূৰ্তিৰ তলত ঠিক এই ধৰণৰ এটা বাকচ আছিল।

১৮৬১- ৬৫ৰ গৃহযুদ্ধৰ সময়ত উত্তৰ ভার্জিনিয়া সেনাৰ কমাণ্ডাৰ আছিল জেনেৰেল লী। তেওঁৰ মূৰ্তিৰ তলত থকা বাকচত ৰখা হৈছিল সেই সময়ৰ মুদ্রা, কিছু বুটাম, কার্তুজ আৰু গুলিবিদ্ধ আমেৰিকান ৰাষ্ট্রপতি আব্রাহাম লিংকনৰ কফিনত শুৱাই ৰখা এখন দুষ্প্রাপ্য চিত্র।

যােৱা ছেপ্টেম্বৰত লীৰ প্ৰতিমূৰ্তিটো ভাঙি পেলােৱা হয়। অৱশ্যে তেওঁৰ মূৰ্তিৰ তলৰ পৰা কোনাে ‘টাইম কেপচুল’ উদ্ধাৰ হােৱা নাছিল।

Exit mobile version