“সৰুতে মই সদায় জীৱবিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈছিলো । মোৰ খুড়ী আৰু আইতাহঁতে ঘৰৰ বাগিচা আৰু পথাৰৰ পৰা সতেজ পাচলি আনিছিল আৰু একেদিনাই আহাৰৰ বাবে প্ৰস্তুত কৰিছিল । তেতিয়া মই উপলব্ধি কৰিছিলো নিজৰ খাদ্য সংগ্ৰহ কৰাটো কিমান আনন্দদায়ক,” বিশাখাপত্তনমত তেওঁৰ দুমহলীয়া বাগিচাত প্ৰায় ৫০০ টা উদ্ভিদ উৎপাদন কৰা মাধৱী গুট্টিকোণ্ডাই এই কথা সদৰী কৰে ।
মাধৱীয়ে কেৱল যোৱা এক দশকত বিভিন্ন ধৰণৰ ফুল, ফল আৰু পাচলি সফলতাৰে খেতি কৰাই নহয়, তেওঁ ‘মেড গাৰ্ডেন’ত তিনিশৰো অধিক টিউটোৰিয়েল ভিডিঅ’ পোষ্ট কৰি অন্ধ্ৰ প্ৰদেশত জৈৱিক কৃষিক খ্যাত কৰি তুলিছে । তেওঁৰ ইউটিউব চেনেলত ৪,৮৪,০০০ জন ছাবস্ক্ৰাইবাৰ আছে ।
মাধৱীয়ে কয়, “প্ৰায় ২৫ বছৰ আগতে বিয়া হোৱাৰ পাছতে মই বাগিচা আৰম্ভ কৰিছিলো । আমি এটা ভাড়া ঘৰত বাস কৰিছিলো আৰু মই বেছিভাগ ফুলৰ প্ৰজাতি আৰু উদ্ভিদ ৰোইছিলো । এইটো সাত বছৰ আগৰ কথা । এতিয়া, মোৰ পাকঘৰত কমেও চাৰি সপ্তাহৰ উৎপাদিত সামগ্ৰী মোৰ বাগিচাৰ পৰা আহে ।”
তেওঁ পুনৰ কয়, “মই হালধি, গাজৰ, মূলা, বীটৰুট আৰু কাঠফুলা আদিৰ দৰে পাচলিও খেতি কৰো যিবোৰ মোৰ চুবুৰীয়া অঞ্চলত খুব কম উপলব্ধ ।” তেওঁ লগতে কয় যে উৎপাদিত সামগ্ৰীৰ আধা অংশ তেওঁ তেওঁৰ ঘৰুৱা শ্ৰমিক, বন্ধু আৰু চুবুৰীয়াৰ স’তে ভাগ কৰে ।
“মোৰ উৎপাদিত সামগ্ৰী বেপাৰীক বিক্ৰী কৰাৰ বিষয়ত কেতিয়াও ধাৰণা নাছিল আৰু মই নাভাবো যে মই কৰিম । শস্য চপোৱা আৰু আপোনজনৰ স’তে ভাগ কৰি লোৱাটো এক বেলেগ ধৰণৰ আবেগ ।”
“যোৱা দুবছৰ ধৰি, মই মোৰ প্ৰায় আধা পাচলি কম্পোষ্টিং বিনৰ ওপৰত খেতি কৰি আছো । ইয়াৰ বাবে মাটি, শুকান পাত আৰু ডালৰ মাজত অৱশিষ্ট পাচলি আৰু ফলৰ পেলোৱাখিনি তৰপ কৰো বিনটো পূৰ্ণ হ’লে আৰু বীজবোৰ ঢালি দিওঁ । যদি সঠিকভাৱে কৰা হয়, ই উদ্ভিদক পুষ্টি প্ৰদান কৰে লগতে মেগট, ফলমাখি আৰু অন্যান্য ক্ষতিকাৰক পতংগৰ স’তে যুঁজ দিয়াত সহায় কৰে । মাজে মাজে, মই দোকানৰ পৰা ক্ৰয় কৰা সাৰ আৰু এপচম নিমখ ব্যৱহাৰ কৰো, কিন্তু উদ্ভিদৰ প্ৰয়োজন হোৱা বেছিভাগ মাইক্ৰ’নিউট্ৰিয়েণ্ট পচন সাৰত পোৱা যায়,” বুলিও তেঁও কয় ।
মাধৱীয়ে কয়, “ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পৰা বঁটা লাভ কৰাটো এক সন্মানৰ বিষয় আছিল । কিন্তু মোৰ বাবে আটাইতকৈ ৰোমাঞ্চকৰ অংশটো আছিল ৰাজ্যখনৰ আন কৃষকসকলৰ কাষত থিয় হৈ থকা ।”