দুমুনিচকী শ’লপামত বাঘৰ আতংক ,মুৰ্গীৰ ফাৰ্মত সোমাল নাহৰফুটুকী

IMG 20220104 WA0057

দৰং জিলাৰ লোক্ৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত শ’লপাম গাঁৱত বাঘৰ আতংক ৷ যোৱানিশা গাঁওখনৰ কোমল নাথ নামৰ লোকজনৰ মুৰ্গীৰ ফাৰ্ম এখনৰ ভিতৰত শুই থকা অৱস্থাত এটি নাহৰফুটুকী বাঘ প্ৰত্যক্ষ কৰে ৷

প্ৰাপ্ত বাতৰি অনুসৰি যোৱা নিশা মুৰ্গীৰ দানা দিবলৈ গৈ নিজৰ ফাৰ্মৰ ভিতৰত নাহৰফুটুকী বাঘটো প্ৰত্যক্ষ কৰে ফাৰ্মৰ গৰাকীয়ে ৷

নাহৰফুটুকীটো দেখি আতংকিত হৈ পৰা ফাৰ্মৰগৰাকীয়ে লগে লগে ওচৰ-চুবুৰীয়াক ঘটনাটো অৱগত কৰাত গাঁওবাসীৰ মাজতো আতংকৰ সৃষ্টি হয় ৷

সেই আতংকৰ মাজতে বাঘটো চাবলৈ সহস্ৰাধিক ৰাইজে ভিৰ কৰাত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ গাঁওবাসীৰ আহ্বানমৰ্মে ঘটনাস্থলীত উপস্থিত হয় ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া কে. শৰ্মা ৷

আনহাতে কুৰুৱা বনাঞ্চলিক বিষয়া দিপাংকৰ দেবৰ নেতৃত্বত বন বিভাগৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ বাঘটো কৰায়ত্তৰ বাবে পুৱতি নিশালৈ আপ্ৰাণ চেষ্টা চলায় ৷

বাঘ ধৰা উপযুক্ত আহিলা নথকাত নেটৰ জৰিয়তে বাঘটো ধৰিবলৈ বনকৰ্মী সকলে চেষ্টা চলাই যদিও সেই চেষ্টা ব্যৰ্থ হয় ৷ কুৰুৱা বনাঞ্চলিক বিষয়া দিপাংকৰ দেবে পোৱালি নাহৰফুটুকী বুলি জানিব দিয়া বাঘটো বৰ্তমানো শ’লপাম গাঁৱৰ ৰিজাৰ্ভত আশ্ৰয় লৈ থকাত ৰাইজৰ মাজত এই পৰ্যন্ত আতংকই বিৰাজ কৰি আছে ৷ বনকৰ্মীৰ দলে ঘটনাস্থলীত তহল দি আছে যদিও বাঘটোৰ সন্ধান উলিয়াবপৰা নাই ৷

Exit mobile version