বিগত চাৰি মাহত সর্বোচ্চ, অ’মিক্রন পৰিস্থিতিত দেশৰ নিবনুৱাৰ হাৰ ৭.৯ শতাংশ হয়

187180429ef8aa8e2540dec2475d5a95 original

বিগত বৰ্ষৰ ডিচেম্বৰত ভাৰতৰ নিবনুৱাৰ হাৰ আছিল ৭.৯১ শতাংশ । সোমবাৰে এই সংক্রান্ত প্ৰতিবেদন প্রকাশ কৰিলে চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমিয়ে । চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি অনুযায়ী, যোৱা চাৰি মাহৰ ভিতৰত এই হাৰ সর্বোচ্চ হয় যোৱাটো মাহত । যোৱা আগষ্টত ভাৰতৰ নিবনুৱাৰ হাৰ ৮.৩ শতাংশ আছিল । ২০২১ৰ নৱেম্বৰ আৰু অক্টোবৰত ভাৰতৰ বেকাৰত্বৰ হাৰ যথাক্রমে আছিল সাত আৰু ৭.৭৫ শতাংশ ।

ডিচেম্বৰত চহৰত নিবনুৱাৰ হাৰ আছিল ৯.৩ শতাংশ আৰু গ্রাম্য অঞ্চলত ৭.২৮ শতাংশ । চহৰ আৰু গ্ৰাম্য উভয় ক্ষেত্রতেই নিবনুৱাৰ হাৰ আগৰ মাহত যথাক্রমে ৮.২১ শতাংশ আৰু ৬.৪৪ শতাংশ আছিল । এমাহৰ ভিতৰতেই এই হাৰ উল্লেখযোগ্যভাৱে বৃদ্ধি পায় ।

সমীক্ষাত দেখা গৈছে যে বর্তমান কৰ’না সংক্রমণ বৃদ্ধি আৰু নিবনুৱাৰ হাৰ বৃদ্ধি আটাইতকৈ চিন্তাৰ কাৰণ হৈ পৰিছে । লগতে কৰ’না পৰিস্থিতিত চাকৰিৰ স্থায়িত্বক লৈও চিন্তিত সাধাৰণ মানুহ । ইপিনে, ইপছছৰ এটা সমীক্ষা অনুযায়ী এই সংশয় স্বত্ত্বেও চহৰত বসবাসকাৰী ৭০ শতাংশ মানুহে বিশ্বাস কৰে যে ভাৰত সঠিক দিশত আগবাঢ়িছে ।

উল্লেখ্য, বিশ্বজুৰি অ’মিক্রনৰ ত্রাসে দেখা দিছে । কৰ’নাৰ আৰু এটা ঢৌ আহিব পৰে বুলি শংকা সকলোৰে । এনে পৰিস্থিতিত ভাৰতৰ অনেক ৰাজ্যই পুনৰ আংশিক লকডাউনৰ পথ অৱলম্বন কৰিব পাৰে । ফলত নিবনুৱাৰ হাৰ আৰু বাঢ়িব পাৰে বুলি শংকা কৰা হৈছে ।

Exit mobile version