শিশুশিল্পী সৃষ্টি বড়ােৱে জিনিলে আন্তঃৰাষ্ট্ৰীয় খিতাপ

1beddf4b 36a8 477c b553 21c345926779

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী অসমীয়া শিশুশিল্পীয়ে শীর্ষ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। অলপতে মহানগৰীৰ শিল্পগ্ৰামত এন ই ভি ইভেন্ট এণ্ড এণ্টাৰটেইনমেন্ট প্রাইভেট লিমিটেড বেনাৰত অনুষ্ঠিত পঞ্চম আন্তঃৰাষ্ট্ৰীয় আৰু নৱম ৰাষ্ট্ৰীয় সংগীত, নৃত্য, নাট্য প্রতিযােগিতাত নুনমাটি তেল শােধনাগাৰৰ কেন্দ্রীয় বিদ্যালয়ৰ সপ্তম শ্রেণীৰ ছাত্ৰী সৃষ্টি বড়ােৱে লাভ কৰিছে প্রথম পুৰষ্কাৰ।

মহানগৰীৰ খাৰঘূলিৰ নিবাসী সঞ্জয় বড়াে আৰু জিকুমণি বড়ােৰ কন্যা সৃষ্টিয়ে প্রতিযােগীতাখনিৰ নৃত্য শিতানত বহু দেশী-বিদেশী শিল্পীৰ ভিতৰতে লাভ কৰিছে প্রথম পুৰষ্কাৰ।

সৰুৰে পৰা নৃত্য, গীত আৰু চিত্রশিল্পৰ শিক্ষা গ্রহণ কৰি অহা সৃষ্টিয়ে ইতিপূর্বে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান তথা বিদ্যালয় পর্যায়ত বহুকেইটা পুৰষ্কাৰ লাভ কৰিছে। উল্লেখ্য যে, সদৌ অসম সমন্বয় কলাকেন্দ্ৰত সংগীতা তালুকদাৰৰ তত্বাৱধানত সৃষ্টি বড়ােৱে নৃত্যৰ প্রশিক্ষণ গ্রহণ কৰি আছে।

Exit mobile version