পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গৰ দিখলেমত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত। মৃতদেহটো উদ্ধাৰ হয় দিখলেম-হাৱাইপুৰ সংযোগী পথৰ দাঁতিত থকা জংঘলৰ মাজত ।
দিনৰ এক বজাত ছাগলী এৰাল দিবলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। লোকজন হোজাই জিলাৰ লংকাৰ বাসিন্দা প্ৰতিশ কুমাৰ ছিল বুলি সন্দেহ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।
লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল। বিকাৰগ্ৰস্তৰ পূৰ্বে লোকজনে দৈয়াংমুখত ব্যৱসায় সূত্ৰে বসবাস কৰিছিল। শিক্ষকতাও কৰিছিল লোকজনে।
যাৰ পৰিপ্ৰেক্ষিতত বিকাৰগ্ৰস্ত লোকজনে লংকাত নাথাকি দৈয়াংমুখৰ আশে পাশে অনাই বনাই ঘূৰি ফুৰিছিল। উল্লেখযোগ্য বিগত কিছুদিন ধৰি বৃহত্তৰ খেৰণি অঞ্চলৰ হাৱাইপুৰ, দিশলেম, বেলবাৰী, বাখ্ৰীভাংগাজান, মাজবস্তি, পুৰণাবস্তি আদি গাঁৱত ধাৰাবাহিকভাৱে বনৰীয়া হাতীৰ বৃহৎ এটা জাকে সন্ত্ৰাস সৃষ্টি কৰি অহাৰ বিপৰীতে নিশা হ’লে মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খায় তহিলং কৰি আহিছে।
বনৰীয়া হাতীয়ে শস্য, কুঁহিয়াৰ খেতি আদিও গচকী ভাঙি বিনষ্ট কৰি আহিছে। মুঠতে হাতীৰ বাবেই এতিয়া বিপদত পৰিছে বৃহত্তৰ খেৰণি অঞ্চলৰ ৰাইজ আৰু কৃষকে ।






























