COVID Vaccination : টিকাকৰণ বৃদ্ধি কৰাৰ নির্দেশ আয়োগৰ

PTI02 20 2021 000038A 1614160453148 1614160628653

নিৰ্বাচনমুখী পাঁচ ৰাজ্যত টিকাকৰণৰ হাৰ শীঘ্ৰে বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্যসচিবসকলক পত্ৰ লিখি নির্দেশ দিলে নির্বাচন আয়োগে । বিশেষকৈ সমস্ত নিৰ্বাচনকর্মীয়ে যেন দ্বিতীয় পৰ্যায়ৰ টিকাৰ ড’জ গ্ৰহণৰ পাছতহে নিৰ্বাচনৰ কামত নামে, সেয়া নিশ্চিত কৰিবলৈ ৰাজ্য প্রশাসনক নির্দেশ দিছে আয়োগে ।

আগন্তুক সাত দিনৰ ভিতৰত পাঁচ ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা কৰিব আয়োগে । কিন্তু স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি, নিৰ্বাচনমুখী ৰাজ্যসমূহৰ ভিতৰত গোৱা আৰু উত্তৰাখণ্ডৰ বাহিৰে বাকী তিনি ৰাজ্যতেই টিকাকৰণৰ হাৰ শোচনীয় । তেনে সময়তে দ্বিতীয় পৰ্যায়ৰ টিকাকৰণৰ ক্ষেত্রত পঞ্জাৱ আৰু উত্তৰ প্রদেশৰ স্থান ৰাষ্ট্ৰীয় গড়ৰ তুলনাত বহু তলত ।

আনহাতে, মণিপুৰত প্রথম পৰ্যায়ৰ টিকাকৰণৰ হাৰ আশানৰূপ নোহোৱাত শীঘ্ৰে সেই ৰাজ্যত টিকাকৰণৰ হাৰ বৃদ্ধি কৰিবলৈ ৰাজ্যখনৰ মুখ্যসচিবক পৃথককৈ নির্দেশ দিছে নির্বাচন আয়োগে । পাঁচ ৰাজ্যৰ মুখ্যসচিবলৈ লিখা পত্ৰত আয়োগে জনাইছে, যিসকল ভোটকর্মীক নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰা হ’ব, তেওঁলোকক ফ্রন্টলাইন ৱর্কাৰ হিচাপে গণ্য কৰিব লাগিব ৰাজ্যসমূহে । এই ক্ষেত্রত তেওঁলোকে দুটা টিকা লোৱা বাধ্যতামূলক । সূত্রৰ মতে, ভোটকর্মীসকলৰ সংক্রমণ আৰু মৃত্যু ৰোধ কৰিবলৈ আয়োগে বিচাৰিছে, প্রতিষেধকৰ দুটা টিকা লোৱা, ব্যক্তিসকলকহে কেৱল নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰিব পাৰিব । যিসকলে ইতিমধ্যে দুটা ড’জ লাভ কৰিছে আৰু নিৰ্বাচনৰ সময়ত সতর্কতামূলক বা বুষ্টাৰ ড’জ পোৱাৰ যোগ্য, তেওঁলোকক অগ্রাধিকাৰৰ ভিত্তিত দিয়াৰ ওপৰত জোৰ দিছে আয়োগে ।

বিগত সপ্তাহত নিৰ্বাচনমুখী ৰাজ্যসমূহক ভোটকর্মীসকলক ফ্রন্টলাইন ৱর্কাৰ হিচাপে গণ্য কৰি টিকাকৰণৰ গতি বৃদ্ধি কৰিবলৈ নির্দেশ দিছিল কেন্দ্রীয় স্বাস্থ্যসচিব ৰাজেশ ভূষণে । কৰ’নাৰ তৃতীয় ঢৌ দেশত আহি পৰিল বুলি স্বীকাৰ কৰিছে কেন্দ্রীয় স্বাস্থ্যকর্তাসকলে । এনে পৰিস্থিতিত সংক্রমণৰ বিস্ফোৰণ ৰোধ কৰিবলৈ নিৰ্বাচন পিছুৱাই দিয়াৰ আহ্বান কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলৰ একাংশ‌ই । ইয়াৰ বিপৰীতে, আয়োগে এই পর্যন্ত নির্দিষ্ট সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষপাতী । কিন্তু এই ক্ষেত্রত শংকাৰ বিষয় হ’ল, নিৰ্বাচনৰ পাছত যদি ৰাজ্যসমূহত সংক্রমণ বৃদ্ধি পায়, সেই ক্ষেত্রত যাৱতীয় দায়ী হ’ব নিৰ্বাচন আয়োগ । সেয়ে নিৰ্বাচনমুখী ৰাজ্যসমূহত সার্বিক টিকাকৰণৰ হাৰ বৃদ্ধি কৰি যাতে সংক্রমণ ৰোধ কৰিব পাৰি, সেয়া নিশ্চিত কৰিবলৈ সক্রিয় হ’ল নির্বাচন আয়োগ ।

অ’মিক্রনক লৈ উদ্বেগ আৰু নির্বাচন আয়োগৰ পত্ৰৰ পাছতো কিন্তু নেতাসকলৰ জনসভা কমা নাই । আজি বিজেপি-শাসিত ত্রিপুৰা আৰু নিৰ্বাচনমুখী মণিপুৰত আহিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী । একাধিক প্রকল্পৰ শিলান্যাস কৰি জনসভা কৰে । ইপিনে, মণিপুৰত প্রথম ড’জ টিকা প্ৰদানৰ হাৰ উদ্বেগজনকভাৱে কম । ফলত মোদীৰ ভ্ৰমণকলৈ প্রশ্ন উত্থাপন হৈছে ।

বুধবাৰে প্রধানমন্ত্রীগৰাকী আন এখন নিৰ্বাচনমুখী ৰাজ্য পঞ্জাৱত যাব । তাতো একাধিক প্রকল্পৰ উদ্বোধন আৰু সভাত অংশগ্ৰহণ কৰিব । ইপিনে, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে পুনৰ অ’মিক্রন সন্দৰ্ভত সকলো উদ্বেগক অৱমাননা কৰি এই ৰোগক সাধাৰণ জ্বৰ আৰু ইনফ্লুয়েঞ্জাৰ স’তে তুলনা কৰিছে । মুখ্যমন্ত্রীৰ এনে বক্তব্যত বিস্মিত স্বাস্থ্য বিশেষজ্ঞসকল । বিৰোধীসকলে কয় যে, যোগীৰ শাসন কালতেই উত্তৰ প্রদেশত কৰ’নাৰ দ্বিতীয় ঢৌৰ সময়ত গংগাত মৃতদেহ উটি আহিছিল ।

Exit mobile version