বাগসা জিলা এবছুৰ বাৰ্ষিক অধিৱেশনক লৈ প্ৰস্তুতি তুংগত

বিভিন্ন ধৰ্মাৱলম্বী লোকৰ শ্ৰমদানেৰে কঢ়িয়াইছে সমন্বয়ৰ বাৰ্তা

d5fdfea5 1fe8 41af 91ae cd189af89742

অহা সাত আঠ আৰু ন জানুৱাৰীত অনুষ্ঠিত হ’ব বাগসা জিলা নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ বাৰ্ষিক অধিৱেশন৷

খাৰিজা বিজনী এবছুৰ উদ্যোগত অনুষ্ঠিত হ’ব অধিৱেশনখন৷সেই উপলক্ষে খাৰিজা বিজনীৰ মইনামাতাৰ হেলচিগুৰীত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে অধিৱেশনখনৰ কাম কাজ৷

অধিৱেশনস্থলীত বিভিন্ন ধৰ্মাৱলম্বী লোকে শ্ৰমদানেৰে কঢ়িয়াই আনিছে সমন্বয়ৰ বাৰ্তা৷অধিৱেশনখনত অংশগ্ৰহণকাৰীক আদৰিবলৈ নিৰ্মাণ কৰা হৈছে তোৰণ, প্ৰকাণ্ড মঞ্চ তথা মণ্ডপ৷ইয়াৰোপৰি বাগুৰুম্বা নৃত্যৰ আখৰা অব্যাহত ৰাখিছে যুৱক যুৱতিসকলে৷

অধিৱেশনখনক লৈ তৎপৰ হৈ পৰিছে আয়োজক তথা এবছু কৰ্মীসকল৷উল্লেখ্য যে অধিৱেশনখনত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, এবছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপেন বড়োৰ লগতে বহুসংখ্যক বিশিষ্ট অতিথি উপস্থিত থাকিব৷

Exit mobile version