১২লাখ জনসংখ্যাৰ চীনৰ হ’ল সম্পূৰ্ণ তলাবন্ধ ,নাগৰিকক ঘৰৰ বাহিৰ নোলাবলৈ নিৰ্দেশ

চীনত কৰ’নাৰ পুনৰ সংক্রমণ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি পৃথক প্রদেশত ইতিমধ্যে তলাবন্ধ ঘােষণা কৰা হৈছে। মধ্য চীনত ১১.৭ লাখ জনসংখ্যাৰ য়ুঝাউ চহৰত ইতিমধ্যে প্রশাসনে সম্পূর্ণ তলাবন্ধ ঘােষণা কৰিলে।

শেহতীয়াভাৱে চীনৰ এইখন চহৰত কৰ’নাত সংক্রমিত তিনিজন ৰােগীক চিনাক্ত কৰা হৈছিল। হেনান প্রদেশৰ এইখন চহৰত বাছ আৰু টেক্সিৰ সেৱা কিছুদিন পূর্বে বন্ধ কৰা হৈছিল।

ইতিমধ্যে চহৰখনত সকলােবােৰ শ্ব’পিং ম’ল, সংগ্ৰহালয় আৰু পর্যটকৰ কেন্দ্ৰসমূহ বন্ধ কৰি দিয়া হৈছে। চীনৰ ক’ভিড সংক্রমণৰ সন্দৰ্ভত প্রকৃত তথ্য এতিয়ালৈকে উপলব্ধ হোৱা নাই ।

প্ৰকাশিত তথ্য অনুসৰি যোৱা বছৰৰ ১০ আগষ্টত চীনত ১৪৩ জন ক’ভিড ৰােগী চিনাক্ত কৰা হৈছিল। ইয়াৰ পাছত দেশখনত যােৱা ১৮ ডিচেম্বৰত পুনৰ ১২৫ জন ক’ভিড ৰােগী ধৰা পৰিছিল।

যােৱা ২৬ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈকে দেশখনত ২০০-২০৯ জন লােকৰ ক’ভিড পৰীক্ষণৰ ফলাফল ‘পজিটিভ’ হৈছিল। যােৱা পহিলা জানুৱাৰীত ২৩১ ক’ভিড আক্রান্তক দেশখনত চিনাক্ত কৰা হৈছিল।

ইয়াৰ পাছতে চীনৰ কেবাখনাে চহৰত পুনৰ সম্পূর্ণ তলাবন্ধ ঘােষণা কৰা হৈছে। প্রশাসনে পৰৱর্তী নির্দেশনা জাৰি নকৰালৈকে চহৰৰ বাসিন্দাসকলক নিজৰ ঘৰত আবদ্ধ থাকিবলৈ নির্দেশ দিছে।

Exit mobile version