COVID New Guideline : কৰ’না হ’লে কেতিয়া যাব হাস্পাতাললৈ, নতুন নির্দেশনাত স্পষ্ট জনালে স্বাস্থ্য মন্ত্রণালয়ে

1440x810 cmsv2 3cd92532 e3bd 5d4d ad94 1fd0501bed32 6195588

কৰ’না হ’লে অযথা ভয় কৰি হাস্পাতালৰ বিচনাৰ বাবে হাহাকাৰ কৰাৰ প্রয়োজন নাই । বিগত কিছুদিন ধৰি এই কথা বাৰে বাৰে কৈছে বিশেষজ্ঞ চিকিৎসকসকলে । কৰ’না হ’লে কেতিয়া হাস্পাতালত যোৱা প্ৰয়োজন তাৰ এটা সুস্পষ্ট নির্দেশনা বুধবাৰে প্রকাশ কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে । কেন্দ্রৰ তৰফৰ পৰা প্রকাশিত এই নতুন নির্দেশনাত স্পষ্টকৈ কোৱা হৈছে কেনেকুৱা পৰিস্থিতিত, কেনে ধৰণৰ উপসর্গ দেখা দিলে ঘৰৰ পৰা চিকিৎসা কৰোৱাৰ পৰিৱৰ্তে ৰোগীয়ে হাস্পাতালত যোৱা উচিত ।

১। কৰ’না সংক্রমণৰ নতুন স্ফীতি চলাকালীন উপসর্গহীন বা মৃদু উপসর্গৰ ৰোগীসকলে ঘৰত থাকিয়ে চিকিৎসা কৰোৱাৰ পৰামর্শ দিছিল চিকিৎসকসকলে । নতুন নির্দেশনাত কোৱা হৈছে, ঘৰত থাকাকালীন যদি ৰোগীৰ তিনদিনৰো অধিক এশৰ ওপৰত জ্বৰ থাকে আৰু সেই জ্বৰ নকমে তেন্তে বিশেষ চিকিৎসাৰ প্রয়োজন ।

২। কৰ’নাৰ দ্বিতীয় ঢৌত চিন্তনীয় উপসর্গ আছিল শ্বাসকষ্টৰ সমস্যা । স্বাস্থ্য মন্ত্রণালয়ে জনাইছে, শ্বাস লোৱাত অসুবিধা হ’লে এইবাৰো হাস্পাতালত যোৱা শ্রেয় ।

৩। ক’ভিড ৰোগীসকলৰ অক্সিজেনৰ মাত্রাত নিয়মিত দৃষ্টি ৰখাৰ কথা কোৱা হৈছে নতুন নির্দেশনাত । স্বাস্থ্য মন্ত্রণালয়ে জনাইছে ঘৰৰ পৰিৱেশত যদি এঘণ্টাৰ ভিতৰত তিনিবাৰ ৰোগীৰ অক্সিজেনৰ মাত্রা ৯৩ শতাংশৰ কম হ’লে বিষয়টো চিন্তনীয় ।

৪। শ্বাস-প্রশ্বাসৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । মিনিটত শ্বাস-প্রশ্বাসৰ মাত্রা ২৪-ৰ অধিক হ’লেও বিশেষজ্ঞ চিকিৎসকৰ পৰামর্শ লোৱা প্ৰয়োজনীয়।

৫। যদি শৰীৰৰ বিষ নকমে বা কৰ’নাত আক্রান্ত ৰোগীয়ে যদি বুকুত অবিৰত চাপ অনুভৱ কৰি থাকে চিকিৎসকৰ পৰামৰ্শ ল’ব ।

৬। বিচাৰ বিবেচনাত অসংলগ্নতা দেখা গ’লে বা মানসিক বিকাৰ দেখা গ’লেও ৰোগীক হাস্পাতালত লৈ যোৱা প্ৰয়োজনীয় ।

৭। যদি ৰোগীৰ উঠা-বহাত বা থিয় হোৱাত সমস্যা হয়, যদি পেশীত অত্যন্ত বিষ অনুভৱ হয়

৮। শৰীৰত মাত্রাধিক ক্লান্তিবোধ থাকিলেও বিশেষজ্ঞৰ পৰামর্শ লোৱা প্ৰয়োজনীয় বুলি জনাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে ।

Exit mobile version