ICMR : ‘টিকাৰ ককটেল নহয়, বুষ্টাৰ ড’জ হ’ব লাগিব একেই সংস্থাৰ’, জনালে আইচিএমআৰ-এ

85588974

টিকাৰ ককটেল ঘোষণা হোৱা মাত্ৰকে নানান মত প্ৰকাশ হয় দেশত । ভেকচিন ককটেল কিমান কার্যকৰী তাক লৈ প্রশ্নও উত্থাপিত হয় ‌। তেনে সময়তে আইচিএমআৰৰ ডিজি বলৰাম ভার্গভে জনায়, ‘আগতে কোভাক্সিন ল’লে, বুষ্টাৰ ড’জো কোভাক্সিনৰে ল’ব লাগিব । ক’ভিশ্বিল্ড ল’লে, বুষ্টাৰ ড’জো ক’ভিশ্বিল্ডৰ ল’ব লাগিব ।’

কোনো কোনোৱে শংকা প্ৰকাশ কৰিছে যে, প্রথম ড’জ আৰু দ্বিতীয় ড’জ যদি ভুলক্রমে দুটা পৃথক ভেকচিনৰ হয়, তেনেহ’লে কি হ’ব ! ককটেল ভেকচিন উপকাৰী নে ? নে বিপজ্জনক ? এই বিষয়ত ইয়াৰ আগতে ডাঃ দীপ্তেন্দ্র সৰকাৰে জনাইছিল, মিক্স এশ মেচ ভেকচিন লোৱাৰ ফল যদি ভাল হয়, তেনেহ’লে ভেকচিনেছনৰ ক্ষেত্রত বিশেষ সুবিধা হ’ব । যদিও বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই ট্রেণ্ড সম্প্ৰতি আৰম্ভ কৰা বিপজ্জনক হ’ব পাৰে । যদিও স্পুটনিকৰ ক্ষেত্রত দুটা ড’জ, দুই প্ৰকাৰৰ । সেয়ে এই ভেকচিনৰ ক্ষেত্রত ককটেল কৰা সম্ভৱত সম্ভৱ নহ’ব ।

ইপিনে, দেশত কৰ’নাৰ দৈনিক সংক্রমণ একেকোবে ৫৫ শতাংশলৈ বৃদ্ধি পালে । বিগত ২৪ ঘণ্টাত ৫৮ হেজাৰৰ ঘৰ অতিক্ৰম কৰিলে আক্রান্তৰ সংখ্যাই । যোৱা আঠ দিনত দেশত ছগুণৰো অধিক সংক্রমণ হয় । সংক্রমণৰ হাৰ .৭৯ শতাংশৰ পৰা বৃদ্ধি হয় পাঁচ শতাংশলৈ । সংক্রমণৰ হাৰত মহাৰাষ্ট্রৰ পাছতেই আছে পশ্চিমবংগ । দেশৰ ২৮ জিলাৰ পৰিস্থিতি আটাইতকৈ ভয়াৱহ । ২৮ জিলাত সংক্রমণৰ হাৰ ১০ শতাংশৰো অধিক ।

আনহাতে, যিসকল কৰ’না ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অ’মিক্রনত আক্রান্ত হৈছে, তেওঁলোকে পাঁচৰ পৰা সাত দিনৰ ভিতৰতে সম্পূর্ণ সুস্থ হৈ উঠে । কেন্দ্রীয় স্বাস্থ্য‌ মন্ত্রণালয়ে জনাইছে, আক্ৰান্ত লোকজনৰ একেৰাহে তিনিদিন জ্বৰ নুঠিলে সাতদিন আইছ’লেছনত থাকিলেই হ’ব । কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই এতিয়াও কৰ’না আক্রান্তসকলক ১৪ দিন কোৱাৰেণ্টাইনত থকাৰ পৰামর্শ দিছে । বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা এজন বিষয়াই এই বার্তা দিছে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ কৰ’না ইনচিডেন্ট মেনেজমেন্ট ছাপ’র্ট টিমৰ বিষয়া আবদি মাহমুদে জনাইছে, প্রতিটো দেশত অ’মিক্রন বা কৰ’না আক্রান্তসকলৰ শাৰীৰিক পৰিস্থিতি বিবেচনা কৰি সংশ্লিষ্ট দেশসমূহৰ চৰকাৰে কোৱাৰেণ্টাইন বা হোম আইছ’লেছনৰ সময়সীমাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে । যিসমূহ দেশত কৰ’না আক্রান্তৰ সংখ্যা কম, সেই দেশসমূহত ১৪ দিনৰ কোৱাৰেণ্টাইন ৰখা উচিত । কাৰণ, তেতিয়াহে কৰ’না‌ সংক্রমণ নিয়ন্ত্রণত ৰখা সম্ভৱ হ’ব । যিসমূহ দেশত কৰ’না আক্রান্তৰ সংখ্যা অধিক, সেই দেশসমূহত সাতদিনৰ হোম আইছ’লেছনৰ ব্যৱস্থা কৰিব পাৰে । কাৰণ, সেই দেশসমূহৰ স্বাস্থ্যব্যৱস্থা অব্যাহত ৰাখিব লাগিব ।

Exit mobile version