Omicron: ভাৰতত ডেল্টাৰ দৰে সংক্ৰমণ বিয়পাব পাৰে অ’মিক্ৰনে, শীৰ্ষ পৰ্যায়ত উপনীত হ’ব জানুৱাৰী শেষত!

virus 1

ক’ভিডৰ দ্বিতীয় ঢৌত ডেল্টাৰ প্ৰভাৱ যিদৰে সমগ্ৰ ভাৰতত বিয়পি পৰিছিল থিক তেনেদৰেই এইবাৰ একেই দৃশ্যই হ’ব পাৰে অ’মিক্ৰনৰ ক্ষেত্ৰত । এই সতৰ্কবাণী জাৰি কৰিলে ইনষ্টিটিউট ফৰ হেল্থ মেট্ৰিক্স এণ্ড ইভেল্যুৱেচনৰ সঞ্চালক ড০ ক্ৰিষ্টোফাৰ মুৰে।

ADVERTISEMENT

সৰ্বভাৰতীয় এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত মুৰেয়ে কয়, “দুমাহৰ ভিতৰত বিশ্বৰ ৩০০ কোটি লোক অ’মিক্ৰনত আক্ৰান্ত হ’ব আৰু অ’মিক্ৰনৰ এই ঢৌত ভাৰতৰ বহু সংখ্যক লোক সংক্ৰমিত হ’ব। ঠিক যেনেদৰে ডেল্টাৰ প্ৰভাৱ হৈছিল। “

মুৰে লগতে জনাইছে জানুৱাৰীৰ মাজভাগৰ পৰা অ’মিক্ৰনৰ প্ৰভাৱ শীৰ্ষত উপনীত হ’ব। তেতিয়া সমগ্ৰ বিশ্বত দিনে তিনি কোটিৰো অধিক লোক ক’ভিডত আক্রান্ত হ’ব।

বিগত বৰ্ষত এপ্ৰিলত ডেল্টাৰ প্ৰভাৱত যি সংক্ৰমণ হৈছিল । তাৰ তুলনাত এই বৰ তিনিগুণ বেছি লোক সংক্ৰমিত হ’ব। তেওঁৰ মতে, জানুৱাৰীৰ শেষৰ ফালৰ পৰা ফেব্ৰুৱাৰীৰ আৰম্ভণিলৈ ভাৰতত অ’মিক্ৰন সংক্ৰমণ শীৰ্ষত উপনীত হ’ব।

মুৰে কয়, “যিহেতু বেছিভাগ লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ,তেওঁলোকৰ ক’ভিডৰ মৃদু উপসৰ্গ ধৰা পৰিব । কিন্তু অ’মিক্ৰনে যে বৃহৎ সংখ্যক লোকক সংক্ৰমিত কৰিব সেই সন্দৰ্ভত কোনো সন্দেহ নাই । এই ক্ষেত্ৰত কোনো বিধিনিষেধ প্ৰযোজ্য নহ’ব। “

ভাৰতত সংক্ৰমণৰ যি দৃশ্য স্পষ্ট হৈছে সেয়া চিন্তনীয় বিষয় । বিগত ২৪ ঘণ্টাত দৈনিক সংক্ৰমণ ৫৫ শতাংশ বৃদ্ধি পাইছে। বৃদ্ধি পাইছে অ’মিক্ৰনৰ সংখ্যাও।

Exit mobile version