Taliban : তালিবানৰ নতুন কৌশল বিজয় গৌৰৱ প্রচাৰৰ

1631841583 talib

এটা ক’লা শিলৰ ফলক, তাত খোদিত কৰা আছে বহু নাম — আফগানিস্তানৰ গজনি প্রদেশৰ গভর্নৰৰ বাসভৱনৰ চৌহদৰ সেই ফলকক লৈ ভিৰ কৰিছে তালিবান যোদ্ধাসকলে । আমেৰিকাৰ শাসনকালত প্রদেশখনৰ দায়িত্বত থকা সেনাকর্তাসকলৰ নাম এই শিলত খোদিত কৰা আছে । লগতে সেনা আধিকাৰীসকলৰ পদমর্যাদাও লিখা আছে এই শিলত । সেই ফলকখনকেই জনসাধাৰণৰ প্রদর্শনৰ যো-জা কৰিছে তালিবানে । আমেৰিকান সেনাৰ মহিমা প্রচাৰৰ বাবে নহয়, বৰঞ্চ ২০ বছৰৰ দীর্ঘ যুঁজৰ পাছত আমেৰিকান সেনা উৎখাতৰ প্রতীক দাঙি ধৰিবলৈ এই প্রদর্শনৰ আয়োজন ।

ADVERTISEMENT

তালিবানৰ গজনিৰ সাংস্কৃতিক শাখাৰ প্রধান মোল্লা হাবিবুল্লা মুজাহিদে জনায় যে, তেওঁলোকে এই শিলৰ ফলকখন প্রদর্শনৰ জৰিয়তে আফগানবাসী, বিশ্ব আৰু ভৱিষ্যৎ প্রজন্মক স্বঘোষিত পৰাক্রমশালী আমেৰিকান বাহিনীক পৰাজিত কৰিছে বুলি জনাব বিচাৰে ।

বিগত বৰ্ষৰ ১২ আগষ্টত দক্ষিণ কাবুলৰ ১৫০ কিলোমিটাৰ দূৰত্বত গজনি চহৰ তালিবানে দখল কৰিছিল । ঠিক তিনিদিন পাছতেই কাবুল দখলৰ লগতে সমগ্ৰ দেশত তালিবানৰ নিৰংকুশ আধিপত্য প্রতিষ্ঠিত হয় ।

৩৫০০ বছৰৰ নানা ঐতিহাসিক ঘটনাত সমৃদ্ধ এই গজনি । অৱশ্যে প্রাচীন ইতিহাস নহয়, মছনদ দখলৰ পাছত নিজৰ বিজয়গাথাৰ ইতিহাসক সযত্নে দাঙি ধৰিবলৈ আগ্রহী তালিবান নেতৃত্ব ।

বর্তমান চৰম আর্থিক সংকটৰ সন্মুখীন হৈছে সমগ্ৰ আফগানিস্তানে । ৰাষ্ট্রসংঘৰ হিচাপ অনুযায়ী, দেশৰ অর্ধেক সংখ্যক লোকেই খাদ্যৰ অভাৱত পৰিছে । এনে পৰিস্থিতিত চৰকাৰ বিৰোধী মনোভাৱ যাতে গা কৰি নুঠে, তাৰ বাবে নিজৰ মহিমা প্রচাৰ কৰিবলৈ তালিবানৰ এই কৌশল বুলি ধাৰণা কৰা হৈছে । চহৰৰ বাহিৰত পথৰ ওপৰতো তালিবানৰ এনে ধৰণৰে বিজয়-ফলক দাঙি ধৰা হৈছে । কোনো কোনো ঠাইত আমেৰিকান সেনাৰ ব্যৱহৃত পৰিত্যক্ত গাড়িও প্রদর্শন কৰা হৈছে । যদিও অস্ত্র-শস্ত্র সকলো সম্বৰণ কৰা হৈছে । কেৱল গাড়ী নহয়, বিগত দুই দশকত আমেৰিকান সেনাৰ ব্যৱহৃত এনে বহু দ্রব্যই সমগ্ৰ দেশত বিস্তাৰিত হৈ পৰিছে । ইয়াৰ পূৰ্বে ছোভিয়েত ইউনিয়নকো বাধা দিছিল তালিবানে । সেই সময়ত ছোভিয়েতে এৰি যোৱা টেংকত এতিয়া খেলে শিশুসকলে । ব্রিটিছৰ শাসনৰ পৰা মুক্তিৰ ইতিহাসো দাঙি ধৰিবলৈ ইচ্ছুক তালিবান ।

১৮ বছৰৰ তালিব যোদ্ধা ওজেইৰে কয়, ‘‘বিজয়ৰ চিহ্ন হিচাপে এইবোৰ দেখিলে গর্ব অনুভৱ কৰো । তিনিটা বিদেশী শক্তিক পৰাভূত কৰি স্বাধীনতা লাভ কৰিছো আমি । আমি চাব বিচাৰো যে, আমেৰিকাকো পৰাজিত কৰাৰ শক্তি আছে আফগানসকলৰ ।’’

আগষ্টত তালিবানে দেশ দখল কৰাৰ পাছত বহু অস্ত্র, গাড়ী, পোছাক এৰি গৈছে আমেৰিকান সেনাই । অৱশ্যে এতিয়াই সকলোখিনি প্রদর্শনৰ ব্যৱস্থা কৰিব পৰা নাই তালিবানে ।

Exit mobile version