Tamil Nadu : গ্রেপ্তাৰ প্রাক্তন এআইএডিএমকে মন্ত্রী ৰাজেন্দ্র বালাজি, তিনি কোটি টকাৰ দুর্নীতিৰ অভিযোগ

202201051339339339 ex minister Rajendra Balaji arrested in Rs 3 crore fraud SECVPF

তামিলনাডু (Tamil Nadu) আৰক্ষীৰ বিশেষ দলে প্রাক্তন এআইএডিএমকে (AIADMK) মন্ত্রী ৰাজেন্দ্র বালাজিক (Rajendra Balaji) গ্রেপ্তাৰ কৰে । আভিনৰ (Aavin) তিনি কোটি টকাৰ তহবিল অপব্যৱহাৰ কৰাৰ অভিযোগ আছে ৰাজ্যৰ দুগ্ধমন্ত্রীগৰাকীৰ বিৰুদ্ধে । আভিন তামিলনাডু চৰকাৰৰ মৎস্য, পশুপালন আৰু দুগ্ধজাত মন্ত্রণালয়ৰ অধীনস্থ এটা কর্প’ৰেছন ।

২৩ ডিচেম্বৰত পলাতক এই প্রাক্তন মন্ত্রীৰ বিৰুদ্ধে তামিলনাডু আৰক্ষীয়ে এটা লুকআউট ন’টিচ জাৰি কৰে । ন’টিচ জাৰি কৰাৰ দুসপ্তাহ পাছতে, তামিলনাডু আৰক্ষীৰ এটা বিশেষ দলে বুধবাৰে, কর্ণাটকৰ (Karnataka) হাছনত (Hassan) ৰাজেন্দ্র বালাজিক গ্রেপ্তাৰ কৰে ।

২০১৬ত ৰাজেন্দ্র বালাজিয়ে AIADMK-ৰ শাসনকালত দুগ্ধ আৰু দুগ্ধ উন্নয়ন মন্ত্রণালয়ৰ দায়িত্ব লাভ কৰিছিল । ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগত ৰাজেন্দ্র বালাজিৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰা হৈছে । গোচৰবোৰ তদন্ত কৰিছে তামিলনাডু আৰক্ষীয়ে ।

প্রাক্তন মন্ত্রীগৰাকীয়ে আগন্তুক জামিনৰ আবেদন কৰিলেও মাদ্রাজ উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন খাৰিজ কৰে । তামিলনাডু আৰক্ষীয়ে ২৩ ডিচেম্বৰত ৰাজেন্দ্র বালাজিৰ বিৰুদ্ধে এটা লুকআউট ন’টিচ জাৰি কৰিছে যাতে তেওঁ দেশ এৰি যাব নোৱাৰে ।

পলাতক ৰাজেন্দ্র বালাজিক গ্রেপ্তাৰ কৰিবলৈ আঠটা বিশেষ দল গঠন কৰা হয় । ১৫ দিনৰ পাছত কর্ণাটকৰ হাছানৰ পৰা গ্রেপ্তাৰ কৰা হয় ৰাজেন্দ্র বালাজিক ।

সূত্র অনুসৰি, ৰাজেন্দ্র বালাজিয়ে বাৰে বাৰে নিজৰ অৱস্থান পৰিৱৰ্তন কৰাৰ ফলত আৰক্ষীৰ বাবে তেওঁক আটক কৰা কঠিন হৈ পৰিছিল । কিন্তু এটা টোল প্লাজাত তেওঁৰ ছবি পোৱাত কর্ণাটকৰ হাছানত আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰে ।

Exit mobile version