Mumbai COVID : মুম্বাইত তিনি দিনত ক’ভিড আক্রান্ত দুশৰো অধিক চিকিৎসক !

1012838 coronavirus outbreak doctors

অ’মিক্রন পৰিস্থিতিত দেশজুৰি চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ ক’ভিড আক্রান্তৰ সংখ্যা বিপুল হাৰত বাঢ়িব লৈছে । কোনো হাস্পাতালত একলগে ৭০ জন, কোনো হাস্পাতলত তাৰো অধিক চিকিৎসক, স্বাস্থ্যকর্মীসকল আক্রান্ত হৈছে । কিন্তু মুম্বাইৰ পৰিস্থিতি বোধহয় আটাইতকৈ ভয়াৱহ । বিগত তিনি দিনত চহৰৰ চৰকাৰী হাস্পাতালবোৰৰ ২২০ জন চিকিৎসক ক’ভিডত আক্রান্ত হৈছে ।

মহাৰাষ্ট্রৰ চিকিৎসক সংগঠন সূত্রে খবৰ, জেজে হাস্পাতালত যোৱা ৭২ ঘণ্টাত ৭৩ জন চিকিৎসকৰ ক’ভিড ধৰা পৰিছে । কিং এডৱার্ড মেমোৰিয়েল হাস্পাতালত আক্রান্ত ৬০ জন চিকিৎসক । লোকমান্য তিলক মিউনিচিপাল জেনেৰেল হাস্পাতালত একেলগে ৮০ জন চিকিৎসক ক’ভিডত আক্রান্ত হৈছে । ইয়াৰ উপৰি আৰ এন কুপাৰ হাস্পাতালত সাতজন আৰু ঠানেৰ ছত্রপতি শিৱাজি হাস্পাতালৰ আঠ চিকিৎসকৰ ক’ভিড সংক্রমণ ধৰা পৰিছে । দেশজুৰি চিকিৎসক আৰু স্বাস্থ্যকর্মীসকল ক’ভিডত আক্রান্ত হোৱাৰ বাবে স্বাস্থ্য সেৱাক লৈ শংকাৰ সৃষ্টি হৈছে ।

সমগ্ৰ দেশৰ ভিতৰত মহাৰাষ্ট্রত ক’ভিড আক্রান্তৰ সংখ্যা সৰ্বাধিক । দৈনিক সংক্রমণো শীর্ষ স্থানত এই ৰাজ্যত । অ’মিক্রনত আক্রান্তৰ সংখ্যাও অধিক এই ৰাজ্যত । বুধবাৰে দৈনিক সংক্রমণ ৩৬ শতাংশ বাঢ়িছে মুম্বাইত । এদিনত ১৫ হেজাৰৰো অধিক সংক্রমিত হৈছে মুম্বাইত যি বিগত দুবছৰৰ ভিতৰত এদিনৰ নিৰিখত সর্বোচ্চ ।

Exit mobile version