পথ প্ৰদৰ্শন কৰিছে কিশোৰসকলে

১৫-১৮ বয়সৰ ৫০ শতাংশৰ টিকাকৰণ সম্পন্ন, বার্তা মোদীৰ

vaccine india covid

কম সংখ্যক দিনতেই টিকাকৰণৰ আন এক মাইল খুটি স্পৰ্শ কৰিলে ভাৰতে । চলিত বৰ্ষৰ তিনি জানুৱাৰীত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ ক’ভিড টিকাকৰণ আৰম্ভ হৈছিল ভাৰতত । সেই টিকাকৰণ প্রক্রিয়া আৰম্ভ হোৱাৰ ১৫ দিনৰ ভিতৰতেই দেশত এই বয়স সীমাৰ ভিতৰত থকা ৫০ শতাংশৰ টিকাকৰণ সম্পন্ন হৈছে বুলি জনায় কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডব্য‌ই । কালি মাণ্ডব্য‌ই এই সংক্রান্ত এটা টুইট কৰে । আজি পুৱা মাণ্ডব্যল সেই টুইটটো ৰিটুইট কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ।

আজি স্বাস্থ্যমন্ত্রীৰ টুইট ৰিটুইট কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লিখে, ‘যুব ভাৰতে পথ দেখুৱাইছে । এইটো অতি উৎসাহজনক খবৰ ৷ এই ধাৰা অব্যাহত ৰাখিব লাগিব ৷ টিকাকৰণ কৰোৱা আৰু ক’ভিড সংক্রান্ত নিয়মাৱলী মানি চলা অতি গুৰুত্বপূর্ণ ৷ আমি একেলগে অতিমাৰীৰ বিৰুদ্ধে এই যুঁজ দিম ৷’

উল্লেখ্য, কালি পর্যন্ত কিশোৰ-কিশোৰীসকলৰ টিকাকৰণ অভিযানত ৩.৫ কোটিৰো অধিক শিশুৱে কৰ’নাৰ টিকাৰ প্রথম ড’জ লৈছে ।

Exit mobile version