দেশৰ ৭১ শতাংশ কৰ্মচাৰীয়ে কৰ্মজীৱনক লৈ নহয় সন্তুষ্ট : সমীক্ষাৰ তথ্য

wm 3506 01

কৰ’না মহামাৰীত দেশৰ কৰ্মক্ষেত্ৰসমূহ সৰ্বাধিক প্ৰভাৱিত হৈছে । ক’ভিড পৰিস্থিতিত দেশৰ বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত ৭১ শতাংশ কৰ্মচাৰীয়ে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ বাধ্য হৈছে । শেহতীয়াকৈ এক সমীক্ষাৰ তথ্য অনুসৰি, সম্প্ৰতি ভাৰতৰ ‌ব্যক্তিগত খণ্ডত নিয়োজিত ৭১ শতাংশ কৰ্মচাৰীয়ে নতুন ‌কেৰিয়াৰ আৰম্ভ কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে ।

ADVERTISEMENT

কৰ’না মহামাৰীৰ তৃতীয়টো ঢৌৰ স’তে ‌দেশৰ অৰ্থ ব্যৱস্থাই যুঁজ দিয়াৰ সময়তে প্ৰকাশিত সমীক্ষাটোৰ তথ্য অনুসৰি, বিগত দুটা ক’ভিড ঢৌৰ দ্বাৰা ভাৰতৰ কৰ্মক্ষেত্ৰসমূহ সৰ্বাধিক প্ৰভাৱিত হৈছিল । ইণ্ডিড ইণ্ডিয়াৰ ২০২১ৰ দ্বিতীয়টো ছমহীয়া নিযুক্তি বিষয়ক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দেশৰ ৭১ শতাংশ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে ক’ভিডৰ দুটা ঢৌৰ পাছত নিজৰ কৰ্মজীৱনৰ সন্দৰ্ভত পুনৰ বিবেচনা কৰিব বিচাৰিছে ‌।

এইসকল লোকে সমীক্ষাটোত প্ৰকাশ কৰা মতে, তেওঁলোকে ক’ভিড কালত কৰ্মজীৱনত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল আৰু সেয়েহে এতিয়া তেওঁলোকে নতুন কৰ্মক্ষেত্ৰৰ সন্ধান কৰিব বিচাৰিছে । ইণ্ডিড ইণ্ডিয়াই ভেল‌ইউবক্সৰ জৰিয়তে যোৱা অক্টোবৰ-নৱেম্বৰ ২০২১ সময়ছোৱাত এই সমীক্ষা সম্পন্ন কৰিছিল । সমীক্ষাটোত ১২১৯ জন নিয়োগকৰ্তা আৰু ১,৫১১ জন কৰ্মচাৰীৰ মতামত গ্ৰহণ কৰা হৈছিল ।

Exit mobile version